NORTHEAST NOW (Assamese)
অসম

অহা ফেব্ৰুৱাৰিৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

Posted by: এন ই নাও নিউজ December 15, 2018 3:44 pm
599104-hslc-results-2017

অহা বৰ্ষৰ ফেব্ৰুৱাৰি মাহৰ দ্বিতীয় সপ্তাহত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব। আজি ছেবাৰ কাৰ্যালয়ত পৰীক্ষা সম্পৰ্কীয় আলোচনাৰ বাবে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে, চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ নোহোৱাৰ বাবে ছেবাই পৰীক্ষাৰ সূচী ঘোষণা কৰিব পৰা নাই।

হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ তৎপৰ হৈ পৰা ছেবাই আজি ইয়াৰ কাৰ্যালয়ত ২৭ খন জিলাৰ বিদ্যালয় পৰিদৰ্শক, ৬৬ গৰাকী পৰ্যবেক্ষকৰ অধ্যক্ষ, সচিব আৰু পৰীক্ষা নিয়ন্ত্ৰকৰ সৈতে আলোচনাত মিলিত হয়।

উল্লেখযোগ্য যে এইবাৰ ছেবাই প্ৰত্যেকটো পৰীক্ষাকেন্দ্ৰতে চি চি টি ভিৰ ভিজুৱেল স্পষ্ট হোৱাটো বাধ্যতামূলক কৰিছে অন্যথা তেনে পৰীক্ষা কেন্দ্ৰ কৰ্তন কৰা হ’ব বুলি সকীয়াই দিছে।

তদুপৰি উত্তৰ বহীত বাৰক’ডৰ ব্যৱস্থা কৰাৰ লগতে উত্তৰবহী মূল্যায়নৰ ক্ষেত্ৰতো ছেবাই কেইবাটাও নতুন তথা গুৰুত্বপূৰ্ণ সংযোজন ঘটাইছে।

এইবাৰ মেট্ৰিক পৰীক্ষাত পৰীক্ষাৰ্থীসকলে কলা চিয়াঁহী ব্যৱহাৰ কৰাৰ লগতে পৰীক্ষাত পৰীক্ষাৰ্থীসকলে অতিৰিক্ত বহী ল’লে নিৰীক্ষকে সম্পূৰ্ণ বিৱৰণ লিখিব লাগিব। ইয়াৰ উপৰি গণিত আৰি উচ্চ গণিতৰ উত্তৰ বহীত ৰোলিঙৰ ব্যৱস্থা নাথাকিব।

জানিব পৰা মতে মুঠ ৮৫৭ টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হ’ব লগীয়া এইবাৰৰ মেট্ৰিক পৰীক্ষাত  অৱতীৰ্ণ হ’ব লগীয়া পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৩ লাখ ৫৩ হাজাৰ।