NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী প্ৰে’ছ ক্লাবত সাংবাদিকক সেৱা জি এন আৰ চি চিকিৎসালয়ৰ

Posted by: এন ই নাও নিউজ December 15, 2018 5:20 pm
GNRC Hospitals

গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ৰ হৃদৰোগ বিশেষজ্ঞই শনিবাৰে আবেলি ৩ বজাৰ পৰা ৫ বজালৈ গুৱাহাটী প্ৰে’ছ ক্লাবৰ সাপ্তাহিক অ’পিডি ক্লিনিকত সেৱা আগবঢ়ায়।

চিকিৎসালয়খনৰ হৈ হৃদৰোগ বিশেষজ্ঞ ডাঃ এলি চেব ৰেংমাই শিবিৰটোত বিনামূলীয়াকৈ সেৱা আগবঢ়ায়। শিবিৰটোত চিকিৎসকগৰাকীক সহযোগিতা আগবঢ়াই ছয়নিকা আকবাং আৰু ৰিনিশা দেৱীয়ে।

লগতে পঢ়ক– চেন্নাই এপলৰ চিকিৎসকে বিনামূলীয়া সেৱা আগবঢ়াব গুৱাহাটী প্ৰেছ ক্লাবত

শিবিৰটোত উপস্থিত সাংবাদিক আৰু সাংবাদিক পৰিয়ালৰ লোকসকলে ওজন আৰু ৰক্তচাপো পৰীক্ষা কৰায়।

পূৰ্বেও মিডিয়া ক্লিনিকত সেৱা আগবঢ়োৱা চিকিৎসালয়খনৰ মাৰ্কেটিং বিষয়া মেৰাজ আহমেদ আৰু জনসম্পৰ্ক বিষয়া মামণি গোস্বামীয়ো শিবিৰটোত উপস্থিত আছিল।

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সুবিধাৰ বাবে এই মীডিয়া ক্লিনিকটো আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।