NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত জনজাতিকৰণৰ দাবীত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাৱ্যস্ত

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম February 12, 2021 3:22 pm
Tea tribe students protest

শুকুৰবাৰে বিশ্বনাথত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসম চাহ জনজাতি ছাত্ৰ সন্থা  বিশ্বনাথ আৰু বিহালী শাখাৰ যৌথ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

ৰাজ্যখনৰ চাহ জনগোষ্ঠীৰ দাবীত চাহ জনজাতি ছাত্ৰ সন্থাই এইদৰে প্ৰতিবাদ সাৱ্যস্ত কৰে।

তদুপৰি, প্ৰতিবাদকাৰী সকলে বিশ্বনাথ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়ৰ চৌহদত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিক লোকসকলক মাটিৰ পট্টা প্ৰদান কৰা আৰু বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত ১০ বজাৰ পৰা ১ বজালৈকে ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰুপায়ন কৰে।

প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

ইপিনে, শুকুৰবাৰে অসম বিধানসভাত লেখানুদান বাজেট উত্থাপন কৰি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ দ্বাৰা ৭.৫ লাখ হিতাধিকাৰী উপকৃত হোৱা বুলি কোৱাৰ লগতে চাহ শ্রমিকৰ মজুৰি বৃদ্ধিৰ বিষয়টোৰ আলোচনা চলি আছে’ জানিবলৈ দিয়ে।

আনহাতে, বিজেপি চৰকাৰে চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।