NORTHEAST NOW (Assamese)
অসম

ৰঙিয়াত মুকেশ হুণ্ডাইৰ এক্সক্লুছিভ শ্ব’ৰূম মুকলি

Posted by: এন ই নাও নিউজ December 15, 2018 5:50 pm
Mukesh Hyundai

অগ্ৰণী প্ৰিমিয়াম কাৰ নিৰ্মাতা, হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে (এইচ্ছ এম আই এল) অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ ডিলাৰশ্বিপ নেটৱৰ্ক সম্প্ৰসাৰিত কৰিছে। এই সম্প্ৰসাৰণৰ অংশ হিচাপে শনিবাৰে ৰঙিয়াত ইয়াৰ প্ৰথমটো শ্ব’ৰূম আৰু ছাৰ্ভিচ চেণ্টাৰ মুকলি কৰে।

গ্ৰাহকক প্ৰিমিয়াম অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰেআৰম্ভ হোৱা এই নতুন ডিলাৰশ্বিপটো গোপাল নগৰ, ৰেড হৰ্ন আৰ্মি কেম্পৰ সমীপত স্থাপন কৰা হৈছে। আজি এই নতুন শ্বৰূমটো অনুষ্ঠানিকভাৱে মুকলি কৰে ৰেড হৰ্ন আৰ্মি কেম্পৰ কৰ্নেল কমল চন্দ্ৰ কলিতাই। এই শ্ব’ৰূমটো মুঠ ৫,৫০০ বৰ্গ ফুটৰো অধিক পৰিসৰৰ।

শ্ব’ৰূম মুকলি কৰাৰ পিছত সংবাদ মাধ্যমক মুকেশ হুণ্ডাই কৰ্তৃপক্ষই জনায়, “এতিয়াৰ পৰা ৰঙিয়াৰ গ্ৰাহকসকলে হুণ্ডাই গাড়ী বুক কৰিবলৈ অথবা ছাৰ্ভিচ পাবলৈ গুৱাহাটীলৈ নগ’লেও হ’ব। ইয়াত একেখন চালিৰ তলতে বিভিন্ন সুবিধা লাভ কৰিব।”

ৰঙিয়াৰ শ্ব’ৰূমটোৱে ফাইনেন্স তথা বীমাৰ সেৱা প্ৰদান কৰাৰ সমান্তৰালভাৱে এচেছৰিজ তথা স্পেয়াৰ পাৰ্টছো বিক্ৰী কৰিব,” মুকেশ হুণ্ডাইৰ এজন মুখপাত্ৰই কয়।

উল্লেখযোগ্য যে ৫টা শ্বৰূমেৰে মুকেশ হুণ্ডাইৰ উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ বৃহত্তম হুণ্ডাইৰ ডিলাৰশ্বিপ নেটৱৰ্ক আছে। বিগত বিত্তীয় বৰ্ষত এই ডিলাৰশ্বিপে প্ৰায় ২০০০খন গাড়ী বিক্ৰী কৰিছে। ইয়াৰ ভিতৰত হুণ্ডাই ক্ৰেটা, হুণ্ডাই গ্ৰেণ্ড আই-১০ আৰু হুণ্ডাই ইয়ন হৈছে সৰ্বাধিক বিক্ৰী হোৱা মডেল। ইয়াৰ উপৰি কোম্পানীটোৱে শেহতীয়াকৈ ভাৰতত মুকলি কৰিছে নতুন ছেণ্ট্ৰ’।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ১৯৯৯ চনত মহিলা উদ্যোগী কবিতা হিমৎসিংকাই ইয়াৰ আৰম্ভণি কৰিছিল, যিয়ে বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যৰ হুণ্ডাইৰ গাড়ী যোগান ধৰে।