NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰ ৬ বছৰলৈ নিলম্বিত হ’ব কংগ্ৰেছৰ পৰা?

Posted by: কাজি জেইদুল ইছলাম December 15, 2018 6:07 pm
Congress-1assam

প্ৰাক্তন মন্ত্ৰী তথা বিশ্বনাথৰ ভূতপূৰ্ব বিধায়ক নুৰজামাল চৰকাৰক ৬ বছৰৰ বাবে দলৰ পৰা নিলম্বন কৰাৰ বাবে দাবী তুলিছে খোদ জিলা কংগ্ৰেছে।

ইতিমধ্যে এই সন্দৰ্ভত দলৰ হাই কমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে বিশ্বনাথ কংগ্ৰেছে।

“প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে নিজাববীয়াকৈ নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাই দলৰ বিৰুদ্ধাচৰণ কৰিছিল,” শনিবাৰে বিশ্বনাথত সংবাদমেলযোগে এই অভিযোগ দলটোৰ জিলা সভাপতি দিলীপ বৰুৱাৰ।

পঞ্চায়ত নিৰ্বাচনটোত দলীয় প্ৰাৰ্থীক পৰাজিত কৰিবলৈকে দলবিৰোধী এই ষড়যন্ত্ৰ কৰা বুলি প্ৰাক্তন মন্ত্ৰীজনৰ বিৰুদ্ধে অভিযোগ কৰিছে জিলা কংগ্ৰেছ সভাপতিজনে।

পঞ্চায়তৰ ভোট গণনা চলি থকাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ পদত্যাগ দাবী কৰিছিল মন্ত্ৰী চৰকাৰে।

আনহাতে বিশ্বনাথ প্ৰশাসনৰ বিৰুদ্ধে “আইন”ৰ সহায় লোৱাৰ হুংকাৰ দিছে জিলা কংগ্ৰেছে।

দলটোৰ অভিযোগ বিশ্বনাথত কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থী ৰঞ্জন ভূঞাক ৪২টা ভোটত জিকাৰ পিছতো “ষড়যন্ত্ৰমূলকভাৱে’’ হৰুৱাই বিজেপি প্ৰাৰ্থীগৰাকীক বিজয়ী ঘোষিত কৰিছে প্ৰশাসনে।

এই বিষয়ে অভিযোগ কৰি পুনৰ ভোট গণনাৰ দাবী জনোৱা সত্ত্বেও প্ৰশাসনে এই পৰ্য্যন্ত কোনো  ব্যৱস্থা গ্ৰহণ কৰা নাই, অভিযোগ জিলা কংগ্ৰেছৰ।