NORTHEAST NOW (Assamese)
অসম

ভূমিকম্পৰ সময়ত কি কৰিব : শিৱসাগৰত ১৯-২০ ডিচেম্বৰত জৰুৰীকালীন অনুশীলন

Posted by: এন ই নাও নিউজ December 16, 2018 12:54 pm
sivasagar-disaster

কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দিচপুৰৰ যোগেদি অসমৰ আটাইকেইখন জিলাৰ লগতে শিৱসাগৰ জিলাতো অহা ১৯ আৰু ২০ ডিচেম্বৰত ভূমিকম্পৰ সময়ত ল’বলগীয়া ব্যৱস্থাপনা সন্দৰ্ভত জৰুৰীকালীন অনুশীলন অনুষ্ঠিত হ’ব।

জিলাখনৰ ৬টা স্থান ক্ৰমে শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়, সম্প্ৰীতি চিকিৎসালয় ষ্টাইল বজাৰ, হাউচিং কলনি শিৱসাগৰ, জি জি এছ-২, ভটিয়াপাৰ আৰু শিৱসাগৰ টেক্সি মঠাদাঙস্থিত জুন পাব্লিক স্কুলত উক্ত অনুশীলন কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

জৰুৰীকালীন অনুশীলনৰ সন্দৰ্ভত যোৱা ১৪ ডিচেম্বৰত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হৈ যায়।

দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত মুন গগৈ আৰু প্ৰকল্প বিষয়া ৰূপম জ্যোতি বৰাই আঁত ধৰা সভাখনত জিলা আৰক্ষী, জিলা পৰিবহন, স্বাস্থ্য, অগ্নি নিৰ্বাপন, এচ ডি আৰ এফ, পশুপালন, গড়কাপ্তানী আদি বিভাগৰ বিষয়াসকলৰ লগতে অ’ এন জি চিৰ বিষয়া সকলেও অংশগ্ৰহণ কৰে।

উক্ত সভাৰ জৰিয়তে উপায়ুক্ত পল্লৱ গোপাল ঝাই উপস্থিত বিষয়াসকলক জৰুৰীকালীন অনুশীলন কাৰ্যসূচীতো সফল কৰি তুলিবলৈ আহ্বান জনায়।