স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ দাবীত প্ৰধান মন্ত্ৰীলৈ স্মাৰকপত্ৰ কেইবাটাও ছাত্ৰ সংগঠনৰ

ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাক সামৰি সুকীয়া স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ লগতে ষষ্ঠ অনুসূচিত বড়ো জনগোষ্ঠীক পার্বত্য জনগোষ্ঠীৰ মৰ্যাদা দিয়াৰ প্ৰস্তাব বাতিলৰ দাবীত শনিবাৰে ডিমাচা ষ্টুডেণ্ট য়ুনিয়ন, মাৰ ষ্টুডেণ্ট এছ’চিয়েশ্যন, বেইটে ষ্টুডেণ্ট এছ’চিয়েশ্যন, খাচি ষ্টুডেণ্ট য়ুনিয়ন আদি সংগঠনে ডিমা হাচাও জিলাৰ উপায়ুক্তৰ যোগেদি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
‘উত্তৰ কাছাৰ পাৰ্বত্য জিলা আৰু কাৰ্বি আংলং জিলাক সামৰি এখন সুকীয়া স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ দাবী দুই পাহাৰীয়া জিলাৰ ৰাইজৰ দীৰ্ঘ দিনীয়া দাবী। ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচিৰ ২৪৪( ক ) ধাৰাৰ অধীনত স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ আন্দোলন চলি আহিছে’। এইদৰে কয় ছাত্ৰ সংগঠনকেইটাই।
স্মাৰকপত্ৰত ছাত্ৰ সংগঠনকেইটাৰ ফালৰ পৰা উল্লেখ কৰা হয় যে ২০১৪ চনৰ ৬ এপ্ৰিলত কাৰ্বি আংলংৰ বকুলিয়াঘাটত বৰ্তমানৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা বৰ্ষীয়ান বিজেপি নেতা ৰাজনাথ সিঙে নিৰ্বাচনী প্ৰচাৰত আহি ভাষণত কৈছিল যে বিজেপি দল ক্ষমতাত আহিলে দুই জিলাৰ সংবিধানিক দাবিৰ প্ৰতি চৰকাৰে গুৰুত্ব আৰোপ কৰিব।
ইয়াৰ উপৰি ২০১৬ চনত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰিয়েও একে ধৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ উপৰি ২৪৪ ( ক ) ধাৰা বাস্তৱায়নৰ কথা কৈছিল। কিন্তু আজি কোপতি কোনো চৰকাৰেই পাৰ্বত্যবাসীৰ দাবীৰ প্ৰতি গুৰুত্ব আৰোপ কৰা নাই। সেয়ে প্ৰধান মন্ত্ৰী কাৰ্যালয়ে যাতে বিষয়টোত গুৰুত্ব দিয়ে তাৰ বাবে এই স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে।
ইয়াৰ উপৰি বি এল টি চুক্তি অনুসৰি ডিমা হাচাও আৰু কাৰ্বি আংলঙত বসবাস কৰা বড়ো সকলক পার্বত্য জনগোষ্ঠীৰ মৰ্যাদা দিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱ বাতিলৰ বাবে ছাত্ৰ সংগঠনকেইটাই দাবী জনায়।
উল্লেখ্য যে ডিমাচা ষ্টুডেণ্ট য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি চিদুত নাইডিঙ, সাধাৰণ সম্পাদক প্ৰমিত চেঙগুইন, মাৰ ষ্টুডেণ্ট এছ’চিয়েশ্যনৰ সভাপতি জন মাৰ্ক পেনা, সম্পাদক জেমছ চেলাটে, খাচি ষ্টুডেন্ট য়ুনিয়নৰ সভাপতি হেনৰি টি ধৰ, সম্পাদক বিলাভছন ড’মে, বেইটে ষ্টুডেণ্ট এছ’চিয়েশ্যনৰ সভাপতি বেঞ্জিল নাম্পুই, সম্পাদক ডেভিড এল নাম্পুই স্মাৰকপত্ৰত স্বাক্ষৰ কৰে।