NORTHEAST NOW (Assamese)
অসম

চেল্ফি উঠিবলৈ গৈ ব্ৰহ্মপুত্ৰত পৰি দুগৰাকী যুৱতীৰ সলিল সমাধি

Posted by: পার্শ্বজোতি গগৈ December 16, 2018 2:57 pm
IMG-20181216-WA0001

শিৱসাগৰৰ দিচাংমুখ অফলা গাঁৱত আজি পুৱা এক শোকাৱহ ঘটনা সংঘটিত হয়। ব্ৰহ্মপুত্ৰ  নদীৰ পাৰত দুগৰাকী যুৱতীয়ে চেল্ফি উঠিবলৈ যাওঁতে ব্ৰহ্মপুত্ৰ নদীৰ গৰাৰ পৰা পিছল খাই পৰি সলিল সমাধি ঘটে।

ঘটনা বিৱৰণী মতে দিচাংমুখ অফলা গাঁৱৰ কালমন চেত্ৰীৰৰ কন্যা অঞ্জলি চেত্ৰী (১৭) আৰু তেওঁলোকৰ ঘৰলৈ ফুৰিবলৈ অহা ডুমডুমাৰ আৰতি চেত্ৰীয়ে (১৭) পুৱা প্ৰায় ১১ মান বজাত ঘৰৰ পৰা কিছুদুৰ নিলগৰ অফলা ঘাটৰ ব্ৰহ্মপুত্ৰ নদীত পূজাৰ সামগ্ৰী পেলাবলৈ গৈছিল।

পূজা সামগ্ৰী পেলোৱাৰ পাছত দুয়োৱে মোবাইলত ফটো তুলিবলৈ লয়। নদীৰ গৰাত মোবাইলত চেল্ফি তুলি থাকোতে হঠাৎ এগৰাকী যুৱতী গৰাৰ পৰা পিছল খাই বাগৰি পৰাত আন গৰাকী যুৱতীয়ে বচাবলৈ হাতত ধৰিছিল যদিও দুৰ্ভাগ্যবশত:  দুয়োগৰাকী যুৱতী ব্ৰহ্মপুত্ৰ নদীত পৰি যায়।

ঘটনাস্থলীত আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দলে উদ্ধাৰকাৰ্য চলাই আছে যদিও বাতৰি লিখা সময়লৈকে দুইগৰাকী যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।