NORTHEAST NOW (Assamese)
Popular Stories

তিনি মাহতে ভাগিল পথ; শিৱসাগৰত ঠিকাদাৰ-গড়কপ্তানি বিভাগৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ May 23, 2020 5:43 pm

নিৰ্মাণৰ তিনি মাহ অতিক্ৰম নৌ-হওঁতেই ভাগিল কপৌটিং-ডিমৌমুখ সংযোগী পথ। শিৱসাগৰ গড়কপ্তানি বিভাগৰ পথ সংমণ্ডলৰ এজন দুৰ্নীতিগ্ৰস্থ কণিষ্ঠ অভিযন্তা আৰু ঠিকাদাৰে মিলি পথটোলৈ আৱণ্টিত ধনৰাশিৰ ভিতৰত সিংহভাগ ধনেই লুণ্ঠন কৰাৰ বাবেই এতিয়া পথ ছোৱা ভাগি যোৱাৰ অভিযোগ উঠিছে।

উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ  ডিমৌমুখ, বাঢ়ৈটিং, বাগল, কপৌটিং, চেঁচাসত্ৰ আদি কেইবাখন গাঁৱৰ বহিঃ সমাজৰ লগত যোগাযোগৰ অন্যতম পথ ৰূপে পৰিচিত  ডিমৌমুখ-কপৌটিং সংযোগী  এই প্ৰায় ২.৫০ কিঃ মিঃ পথটো নিৰ্মাণৰ বাবে চৰকাৰে আৱণ্টন দিছিল ২ কোটি ৩৪ লাখ টকা।

অভিযোগ অনুসৰি শিৱসাগৰ গড়কপ্তানি পথ সংমণ্ডলৰ দুৰ্নীতিগ্ৰস্থ কণিষ্ঠ অভিযন্তা গৰাকীৰ মন্ত্ৰণা অনুসৰি পথ নিৰ্মাণৰ ঠিকা কাম লাভ কৰা ঠিকাদাৰ গৰাকীয়ে নিদ্ধাৰিত পৰিমাণতকৈ কম মাটি ব্যৱহাৰ কৰাৰ বাবেই এতিয়া পথছোৱা ভাগি পৰিল ।

বাঢ়ৈটিঙত থকা ৰংচাই জানৰ দলংখন প্ৰায় ২০০ মিটাৰ নিলগত পথটোৰ দুয়োটা পাৰ বহি গৈছে আৰু পথছোৱা নিৰ্মাণত ব্যৱহৃত কৰা ফেভাৰ ব্লক সমুহ যতে-ততে সিচঁৰিত হৈ পৰিছে। এনেদৰে এতিয়া এই পথটো ভাগি যোৱাত স্থানীয় জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পথ ছোৱা নিৰ্মাণৰ বেলিকা শিৱসাগৰ গড়কাপ্তানি বিভাগৰ পথ সংমণ্ডলৰ কোনো এজন শীৰ্ষ বিষয়াই ঠিকাদাৰৰ কাম তদাৰক কৰিবলৈ অহাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে।

যাৰ ফলত ঠিকাদাৰ গৰাকীয়ে নিজ -খেয়াল খুচি অনুসৰি পথ নিৰ্মাণ কৰাৰ বাবেই এতিয়া এনেদৰে কপৌটিং-ডিমৌমুখ সংযোগী পথটো নিৰ্মাণৰ তিনি মাহ অতিক্ৰম নকৰাৰ পূৰ্বেই ভাগি গৈছে।

ৰাইজে এতিয়া ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনক দাবী জনাইছে।