NORTHEAST NOW (Assamese)
অসম

চি আৰ পি এফৰ নমাইলৰ গ্ৰুপ চেণ্টাৰ কণ্টেইনমেণ্ট জ’ন ঘোষণা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 23, 2020 6:10 pm
Two areas declared containment zone in Biswanath Chariali

চি আৰ পি এফৰ ছগৰাকী ব্যক্তিৰ দেহত কোভিড-১৯ ৰ উপস্থিতি পোৱা বাবে বাহিনীটোৰ ন মাইলৰ গ্ৰুপ চেণ্টাৰটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন হিচাপে কৰিছে ঘোষণা।

উত্তৰে কেন্দ্ৰীয় বিদ্যালয়, দক্ষিণত চিকিৎসক আবাস আৰু barrack নং ৬ আৰু ৭, পূবে আমেৰিগুগ পাৰ্বত্য এলেকা আৰু পশ্চিমে ষ্টাফ কোৱাৰ্টাৰ সীমা বান্ধি দিয়া হৈছে।

কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ স্বাক্ষৰিত জাননীত উল্লেখ কৰা হৈছে যে, ক’ৰ’না প্ৰতিৰোধৰ বাবে উক্ত এলেকাটো কনটেইনমেন্ট এলেকাৰূপে ঘোষণা কৰা হৈছে।

কনটেইনমেন্ট জ’নৰূপে ঘোষণা কৰাৰ ফলত অঞ্চলটোত অত্যাৱশ্যকীয় সকলো সামগ্ৰী, জৰুৰী সেৱাসমূহ জিলা প্ৰশাসনে প্ৰদান কৰিব।

ইয়াৰ পূৰ্বে মহানগৰীৰ তৰুণ নগৰৰ দীনেশ ওজা পথ, নুনমাটি গোপাল নগৰৰ ভূপেন হাজৰিকা পথ, ৰুক্মিণী নগৰ জিৰণী পথ, ফাঁচি বজাৰৰ আলুপট্টি, কুমাৰপাৰা, ফটাশিলৰ জি এছ কলনি, পাণবজাৰ ৰে’লৱে কলনি, দঁতালপাৰা আদি এলেকাত ইতিমধ্যে কনটেইনমেন্ট জ’ন হিচাপে জিলা প্ৰশাসনে ঘোষণা কৰিছে।