NORTHEAST NOW (Assamese)
অসম

পুনৰ ৰাজ্যত ক’ৰ’না মুক্ত ২৭ গৰাকী; মুঠ আৰোগ্যৰ সংখ্যা বৃদ্ধি ৬১৫ গৰাকীলৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2020 4:13 pm

ৰাজ্যত ক’ৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাই থাকিলেও ক’ৰ’না আক্ৰান্ত ৰোগী সুস্থ হৈ চিকিৎসালয়ৰ পৰা উভতি যোৱা বাতৰিয়ে জনসাধাৰণক যথেষ্ট মানসিক শক্তিৰ যোগান ধৰিছে।

আজি পুনৰ ৰাজ্যত ২৭ গৰাকী ৰোগীক ক’ৰ’না মুক্ত বুলি ঘোষণা কৰি চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

আজি চিকিৎসালয়ৰ পৰা মুক্তি দিয়া সকলৰ ভিতৰত শিলচৰ চিকিৎসা মহাবিদ্যালয় হস্পাতালৰ পৰা ১৩ গৰাকী, হাইলাকান্দি অসামৰিক চিকিৎসালয়ৰ পৰা ৫ গৰাকী, ডিফু মেডিকেল কলেজৰ পৰা ৪ গৰাকী, ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পাতালৰ পৰা ২ গৰাকী আৰু যোৰহাট মেডিকেল কলেজ হস্পাতালৰ পৰা ২ গৰাকী আৰু অসম মেডিকেল হস্পাতালৰ পৰা এগৰাকী লোকক মুক্তি দিয়া হয়।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, অসমত আজি মুক্তি দিয়া ২৭ গৰাকী লোককে ধৰি মুঠ ৬১৫ গৰাকী লোকক ক’ৰ’না মুক্ত ঘোষণা কৰা হৈছে।

আনহাতে, ৰাজ্যত বৰ্তমানলৈ ২৫৬৫ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৪ গৰাকী লোকৰ।

বৰ্তমান ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত মুঠ ১৯৪৩ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।