NORTHEAST NOW (Assamese)
অসম

তিনি বছৰ ঘৰৰ লগত যোগাযোগ নাছিল বৰ্ধমান বিস্ফোৰণ কাণ্ডত গ্ৰেপ্তাৰ হোৱা আব্দুল মতিনৰ

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ February 3, 2019 8:36 pm

২০১৪ৰ বৰ্ধমানৰ বিস্ফোৰণত জড়িত থকাৰ সন্দেহত কলকাতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চে যোৱা ৩০ জানুৱাৰিত কেৰালাত গ্ৰেপ্তাৰ কৰা অসমৰ যুৱক আব্দুল মতিনে যোৱা ৩ বছৰ ধৰি ঘৰৰ সৈতে কোনো যোগাযোগ ৰখা নাছিল। আব্দুলৰ দেউতাক আব্দুছ চাত্তাৰে সংবাদ মাধ্যমক আজি এই কথাটো জানিবলৈ দিয়ে।

‘প্ৰায় ৩ বছৰ পূৰ্বেই আব্দুল ঘৰলৈ আহিছিল। লগত বিহাৰৰ কিষাণগঞ্জৰ পৰা বিয়া কৰোৱা নতুন বোৱাৰীক লৈ আহিছিল। মই খং কৰিলো আৰু তাৰ পাছতে আকৌ বোৱাৰীক লৈ গুচি গ’ল’ বজালী মহকুমাৰ অন্তৰ্গত কৰাগাড়ী গাওঁ নিবাসী তথা পহুমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আব্দুছ চাত্তাৰে জনালে সংবাদ মাধ্যমক।

ইপিনে আৰক্ষীৰ সূত্ৰই জনোৱামতে, কেৰালা আৰক্ষীৰ সহযোগত কলকাতাৰ পৰা যোৱা নিয়াৰ দলে গ্ৰেপ্তাৰ কৰা সময়ত ৩২ বছৰীয়া আব্দুল মতিনে কেৰালাৰ এটা মচজিদত ইমামৰ পদত কাম কৰি আছিল। আব্দুলক কলকাতাৰ নিয়াৰ দলে বৰ্ধমান বিস্ফোৰণৰ ঘটনাত বিচাৰি আছিল।

এই সন্দৰ্ভত শিক্ষক পিতৃৰ ভাষ্য, ‘যদিহে তেনে কাম সি কৰিছে, আইন মতে যি শাস্তি পাব লাগে, সেয়া পোৱা উচিত। আৰু যদি কৰা নাই তেন্তে মুকলি কৰি দিব লাগে।’

আব্দুছ চাত্তাৰৰ মতে যোৱা তিনি বছৰত এটা ফোনো কৰা নাই পুতেক আব্দুলে। গতিকে তেওঁলোকেও তাৰ বিষয়ে একো নাজানে। মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰা আব্দুল স্বভাৱত সৰল আছিল। তেওঁৰ তিনিজন পুতেক আৰু দুজনী ছোৱলীৰ ভিতৰত আব্দুলেই ডাঙৰ।

উল্লেখযোগ্য যে বৰ্ধমানৰ উক্ত বিস্ফোৰণটোত দুজন লোকৰ মৃত্যু হৈছিল। বিস্ফোৰক সামগ্ৰী নিৰ্মাণ কৰি থকা অৱস্থাত এই বিস্ফোৰণটো হৈছিল। পশ্চিমবংগ আৰক্ষীয়ে বিস্ফোৰণ থলীৰ পৰা বোমা নিৰ্মাণৰ বহুতো সামগ্ৰীৰ লগতে আপত্তিকৰ নথি-পত্ৰও উদ্ধাৰ কৰিছিল। ঘটনাটোৰ তদন্ত নিয়াই কৰি আছে।