NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জড়িত হোৱাৰ আগ্ৰহ প্ৰাক্তন অধিনায়ক মহম্মদ আজাহাৰুদ্দিনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 15, 2020 10:56 pm

ভাৰতীয় ক্ৰিকেট দলৰ সৈতে কাম কৰাৰ বাবে আগ্ৰহী বুলি নিজৰ মত প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজাহাৰুদ্দিনে।

‘‘ভাৰতীয় ক্ৰিকেট দলৰ সৈতে কাম কৰাৰ সুযোগ পালে মই নিশ্চয় গ্ৰহণ কৰিব,’’ আজাহাৰুদ্দিনে কয়।

মহম্মদ আজাহাৰুদ্দিনে বৰ্তমান হায়দৰাবাদ ক্ৰিকেট সংস্থাৰ সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।

‘‘মই ভাৰতীয় ক্ৰিকেটলৈ সেৱা আগবঢ়াবলৈ সম্পূৰ্ণ প্ৰস্তুত হৈ আছে….সুযোগ পালে মই কোনো ধৰণৰ চিন্তা নকৰাকৈ সেই সুযোগ গ্ৰহণ কৰিম,’’ আজাহাৰুদ্দিনে লগতে কয়।

উল্লেখযোগ্য যে, সোঁহতীয়া বেটছমেন মহম্মদ আজাহাৰুদ্দিনে ভাৰতৰ হৈ ৪৭ খন টেষ্ট মেচত অধিনায়কৰ দায়িত্ব পালন কৰি ১৪ খন টেষ্টত জয়ী হৈছিল।

আনহাতে, আজাহাৰৰ নেতৃত্বত ভাৰতে ১৭৪ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত অংশ লৈ ৯০ খন বিজয়ী হৈছিল।

মেচ ফিক্সিং কেলংকাৰীৰ অভিযোগত আজাহাৰুদ্দিনক ভাৰতীয় ক্ৰিকেট দলৰ পৰা নিলম্বিত কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত আদালত সেই অভিযোগ মিছ বুলি প্ৰমাণিত হৈছিল।