NORTHEAST NOW (Assamese)
Popular Stories

পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ : স্বামীক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 17, 2020 8:54 pm
5evuq9is_dead-body-generic_625x300_28_August_18

পত্নীক হত্যা কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা ঘটনাৰ বিৱৰণী অনুসৰি ৰাজস্থানৰ কোটা জিলাৰ কাৰ্ৱাড গাঁৱত ৩২ বছৰীয়া এজন লোকে নিজ পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে।

সোমবাৰে পুৱা মুকেশৰ বাসগৃহৰ এটা কোঠাৰ চিলিং ফেনত পত্নী সন্তোষ(৩০)ক ফাঁচ লৈ ওলমি থকা অৱস্থাত আৱিষ্কাৰ কৰা হয়।

পত্নীৰ সৈতে দীৰ্ঘদিন ধৰি কাজিয়াত প্ৰবৃত্ত হৈ অহা স্বামী মুকেশে তেওঁৰ পত্নীয়ে আত্মহত্যা কৰা বুলি আৰক্ষীক পতিয়ন নিওৱাৰ চেষ্টা কৰে।

ইফালে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে এয়া হত্যাকাণ্ড বুলি দাবী কৰি মুকেশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে স্থানীয় আৰক্ষী থানাত।

আৰক্ষীয়ে উক্ত এজাহাৰখন পঞ্জীয়ন কৰি এটা গোচৰ ৰুজু কৰে আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।

গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষী জেৰাত মুকেশে নিজ পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

মংগলবাৰে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি অভিযুক্তক জেইল হাজোতলৈ প্ৰেৰণ কৰিছে।

অভিযুক্ত মুকেশে ১০ বছৰ পূৰ্বে পত্নী সন্তোষৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ ৮ আৰু ৫ বছৰীয়া দুটি সন্তানো আছে।