NORTHEAST NOW (Assamese)
অসম

দিহিং পাটকাইত অবৈধ কয়লা খননৰ তদন্তৰ নামত ভেকোভাওনাৰ অভিযোগ আটাছুৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ November 17, 2020 8:49 pm

দিহিং পাটকাই অভয়াৰণ্যৰ পাটকাই, শালেকী বনাঞ্চলত অবৈধ কয়লা খননৰ তদন্তৰ বাবে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গঠনৰ কৰা এজনীয়া তদন্ত কমিটি সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই।

আজি এক প্ৰেছ বাৰ্তা যোগে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই মুখ্য মন্ত্ৰীৰ তদন্ত কমিতি সন্দৰ্ভত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

উল্লেখ যোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ব্ৰজেন্দ্ৰ প্ৰসাদ কটকীৰ তত্ত্বাৱধানত গঠিত তদন্ত কমিটিৰ কাম-কাজৰ লেহেমীয়া গতিক তীব্ৰ সমালোচনা কৰে আটাছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে।

তদন্তৰ নামত ৰাজহুৱা জাননী জাৰি নকৰাৰ অভিযোগো উত্থাপন কৰে সংগঠনটোৱে।

আনহাতে, তদন্তৰ নামত চৰকাৰে ভেকোভাওনা কৰাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৰ দ্বাৰা প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত উল্লেখ কৰে যে, বিগত তিনি জুনৰ পৰা বন্ধ হৈ পৰা উত্তৰ-পূব কয়লা ক্ষেত্ৰ আজিও মুকলি হোৱা নাই।

২০ জুলাই ২০২০-ত গঠন কৰা তদন্ত কমিটি তথা চৰকাৰৰ হেমাহিৰ প্ৰতিবাদত আটাছুৱে অতি শীঘ্ৰে ধাৰাবাহিক আন্দোলনৰ কায্যসূচী ৰূপায়ন কৰিব বুলি প্ৰেছ বাৰ্তা যোগে সকীয়নি প্ৰেৰণ কৰে।