NORTHEAST NOW (Assamese)
অসম

Knee Pain Remedy: অসহ্য আঁঠুৰ বিষ? ঘৰত থকা এই ৪ টা বস্তুৱে এসপ্তাহতে দিব সকাহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 22, 2024 7:40 am

আঁঠুৰ বিষত ভুগি থকা লোকসকলেহে এই সমস্যা কিমান যন্ত্ৰণাদায়ক সেই কথা বুজি পায়। আঁঠুৰ বিষৰ বাবে খোজ কঢ়াতো অসুবিধা হয়। এই আঁঠুৰ বিষৰ বাবে বিভিন্ন কাৰক দায়ী। কোনো কোনো লোকৰ আঁঠুকে ধৰি গাঁঠিবোৰ বয়সৰ বাবে ভাঙি যায়, আন কিছুমানৰ আঘাত বা আন স্বাস্থ্যজনিত সমস্যাৰ বাবে আঁঠুৰ বিষ হয়। কাৰণ যিয়েই নহওক কিয়, এবাৰ আঁঠুৰ বিষ আৰম্ভ হ’লে দৈনন্দিন কাম-কাজ কৰাটো কঠিন হৈ পাৰে।

যদি আপোনাৰ ঘৰৰ কোনোবাই আঁঠুৰ বিষত ভুগিছে ​​তেন্তে ঘৰৰ কিছুমান সামগ্ৰীৰ সহায়ত এই সমস্যাৰ পৰা মুক্তি পাব পাৰি। আঁঠুৰ বিষ নিৰাময়ৰ চাৰিটা ফলপ্ৰসূ ঘৰুৱা উপায়ৰ বিষয়ে জানি লওঁক। এবাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে ঔষধ নোখোৱাকৈ আঁঠুৰ বিষ আৰু ফুলা নাইকিয়া হৈ যাব।

আঁঠুৰ বিষৰ পৰা উপশম পোৱা ৪টা বস্তু

১. আদাত প্ৰচুৰ পৰিমাণে প্ৰদাহ নিবাৰণকাৰী গুণ থাকে। ই প্ৰদাহ কমোৱাত সহায় কৰে। আঁঠুৰ বিষ হোৱা সকলে আদাৰ চাহ খাব লাগে বা আদাৰ পেষ্ট বনাই বিষ হোৱা ঠাইত লগাব লাগে।

২. হালধীত কাৰকিউমিন থাকে। হালধী এক শক্তিশালী এন্টিঅক্সিডেন্ট। আঁঠুৰ বিষ হ’লে হালধীৰ লগত গাখীৰ মিহলাই খাওক বা কুহুম পানীৰ লগত হালধী মিহলাই পেষ্ট বনাব লাগে আৰু নিয়মিতভাৱে আঁঠুত লগাব লাগে।

৩. ৰন্ধা-বঢ়াত উপযোগী ভিনেগাৰৰ এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণো আছে। গৰম পানীত ভিনেগাৰ মিহলাই খালে গাঁঠিৰ বিষ নাইকিয়া হৈ যাব।

৪. যদি আঁঠুত বহুত বিষ আৰু ফুলা থাকে তেন্তে বৰফ ব্যৱহাৰ কৰি এই সমস্যা দূৰ কৰিব পাৰি। ইয়াৰ বাবে এখন কাপোৰত বৰফ লৈ বিষ হোৱা ঠাইত ১৫ মিনিটৰ বাবে লগাব লাগে। বৰফৰ পেকে বিষৰ পৰা উপশম দিয়ে।