NORTHEAST NOW (Assamese)
অসম

জাঁজীত জৰাজীৰ্ণ মথাউৰিয়ে জীয়াতু ভোগাইছে ৰাইজক; কাণসাৰ নাই বিধায়কৰ

Posted by: ৰাজীৱ দত্ত December 16, 2018 4:35 pm
Jhanji

যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তামুলিছিগাৰ ললিত চন্দ্ৰ ৰাজখোৱা পথ সংযোগী জাঁজী নদীৰ উত্তৰ পাৰৰ মথাউৰিটো সম্প্ৰতি মেৰামতিৰ অভাৱত একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে।

জাঁজী চূড়ামণি মুছলিম গাঁও, পুৰণিমাটি, জাঁজী গাওঁ, বৰাগাঁও, ধেমাজি গাঁও, তেতেলিগুৰি, শিমলুগুৰি আদি কে ধৰি প্ৰায় ১৪/১৫ খন গাঁৱৰ জনসাধাৰণৰ যাতায়াতৰ পথ হিচাপে ব্যৱহৃত জাঁজী নদীৰ উক্ত মথাউৰিটোৱেদি বালি কঢ়িওৱা গধুৰ ট্ৰাকৰ চলাচল কৰাৰ ফলত মথাউৰিটোত দ গাঁতৰ সৃষ্টি হৈছে।ফলত যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভূগিব লগা হৈছে অঞ্চলবাসীয়ে।

ইপিনে মথাউৰিটো মেৰামতি তথা পকীকৰণৰ ক্ষেত্ৰত স্থানীয় বিধায়ক আৰু সাংসদে বছৰ বছৰ ধৰি  অনীহা প্ৰদৰ্শন  কৰা পৰিলক্ষিত হৈছে। টীয়ক সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত মেম্বৰ গগৈয়ে দীৰ্ঘদিনীয়া কাৰ্যকালত মথাউৰিটো পকীকৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰৰ অভিযোগ তুলিছে অঞ্চলবাসীয়ে।

আনহাতে বৰ্তমানৰ বিধায়ক ৰেণুপমা  ৰাজখোৱাইও মথাউৰিটো পকীকৰণৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰিছে। লক্ষণীয় ভাৱে যোৰহাট লোকসভা সমষ্টিৰ পূৰ্বৰ সাংসদ প্ৰয়াত বিজয়কৃষ্ণ সন্দিকৈৰ কাৰ্যকালত কাণসাৰ নকৰাৰ লগতে আৰু বৰ্তমানৰ সাংসদ কামাখ্যা তাছায়ো কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

স্থানীয় ৰাইজে মথাউৰিটো মেৰামতি তথা পকীকৰণৰ বাবে স্থানীয় সাংসদ-বিধায়কক বছৰ বছৰ ধৰি আবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত সুফল লাভ কৰা নাই।