NORTHEAST NOW (Assamese)
অসম

তেলেংগানা আৰক্ষীৰ ‘দৰ্পণ’-এ সম্ভৱ কৰিলে অসমৰ নিৰুদ্দিষ্ট কিশোৰীৰ সন্ধান

Posted by: এন ই নাও নিউজ December 17, 2018 3:51 pm
Kidanapped-girl-570x320

অসমৰ পৰা নিৰুদ্দিষ্ট হোৱা এগৰাকী ১৬ বছৰীয়া কিশোৰীক তেলেংগানা আৰক্ষীয়ে সাজি উলিওৱা মুখমণ্ডল চিনাক্ত কৰিব পৰা এক অনন্য সজুঁলি ‘দৰ্পণ’ৰ সহায়ত চিনাক্ত কৰি পৰিয়ালৰ সৈতে পুনৰ্মিলন সম্ভৱ কৰি দিয়ে। দ্য হিন্দুৱে এই বাতৰি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে যোৱা ২০১৭ চনৰ আগষ্ট মাহৰ পৰা লখিমপুৰৰ পৰা সন্ধানহীন হৈ থকা ছোৱালীজনীক অলপতে শোণিতপুৰৰ এটা শিশু গৃহত বিচাৰি পোৱা গৈছিল। ছোৱালীজনীয়ে কামৰ সন্ধানত দিল্লীলৈ গৈছিল আৰু ছেপ্টেম্বৰত অসমলৈ ঘূৰি আহিছিল যদিও ঘৰলৈ যোৱা নাছিল।

‘’তাই ঘৰলৈ ঘূৰি যাবলৈ শংকিত হৈছিল আৰু সেয়েহে শোণিতপুৰৰ ওচৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াতেই ৰে’ল আৰক্ষীয়ে তাইক স্বেচ্ছাসেৱী সংগঠনক হস্তান্তৰ কৰে আৰু তেওঁলোকে তাইক তেজপুৰৰ এটা শিশুগৃহত ৰাখে,’’- আৰক্ষী মহাপৰিদৰ্শক (আইন আৰু শৃংখলা) স্বাতী লাক্ৰাই কয়।

তাৎপৰ্যপূৰ্ণভাৱে, লাক্ৰাই জানিব দিয়ে যে কেৱল মুখমণ্ডল চিনাক্ত কৰিব পৰা সঁজুলিৰ বাবেহে এই আৱেগিক পুনৰ্মিলন সম্ভৱ হ’ব পাৰিছে, কিয়নো ইয়াৰ দেশত থকা বিভিন্ন তথ্যকোষৰ পৰা বিভিন্ন ছবিৰ (ইমেজ) মিলাই চাব পৰা অনন্য ব্যৱস্থা আছে।

এই সঁজুলিটোৱে আশ্ৰয় গৃহত থকা শিশুটোৰ সৈতে দেশৰ বিভিন্ন প্ৰান্তত সন্ধানহীন শিশুসকলক বিচাৰি উলিওৱাৰ বাবে দাখিল হোৱা সন্ধানহীনসকলৰ তথ্যৰ সৈতে সংযুক্ত কৰে।

‘’আমি লগতে দেশৰ বিভিন্ন প্ৰান্তত সন্ধানহীন হোৱা শিশুসকলক বিচাৰি উলিওৱাৰ বাবে সকলো তথ্যকোষ লাভ কৰাৰ প্ৰক্ৰিয়া চলাই আছো,’’-লাক্ৰাই লগতে জানিবলৈ দিয়ে।