সতীৰ্থ মন্ত্ৰীৰ সৈতে যোগী আদিত্য নাথৰ কামাখ্যা মন্দিৰ দৰ্শন

১৭ ডিচেম্বৰত ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰ দৰ্শন কৰে অসম ভ্ৰমণৰত উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথে।
কামাখ্য মন্দিৰ যাত্ৰাত মুখ্য মন্ত্ৰীজনক সংগ দিয়ে আন এগৰাকী মন্ত্ৰী মহেন্দ্ৰ সিং আৰু অসমৰ উদ্যোগ, বাণিজ্য আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
মুখ্য মন্ত্ৰীজনে কামাখ্যা মন্দিৰত পূজা-সেৱা আগ বঢ়ায়। যোগীৰ ভ্ৰমণৰ বাবে আজি কামাখ্যা মন্দিৰ চৌহদত কটকটীয়া নিৰাপত্তা গঢ়ি তোলে অসম আৰক্ষীয়ে।
উল্লেখযোগ্য যে আজি বিজেপিয়ে ৰাফাল চুক্তি সন্দৰ্ভত গোটেই দেশতে মুঠ ৭০খন সংবাদমেল অনুষ্ঠিত কৰিছে। এই কাৰ্য্যসূচীত বিভিন্ন প্ৰদেশৰ মুখ্য মন্ত্ৰীসকল আৰু অন্যান্য প্ৰধান নেতাই অন্য এখন ৰাজ্যত হোৱা সংবাদমেলৰ মূল বক্তা হিচাপে উপস্থিত আছে। ইয়াৰ অংশ হিচাপেই আজি আদিত্য নাথ অসমলৈ আহিছিল।
গুৱাহাটীত নিৰ্ধাৰিত সংবাদমেলখন সম্বোধন কৰাৰ পিছতে আদিত্য নাথে কামাখ্য দৰ্শনৰ বাবে যায়। কামাখ্যা মন্দিৰ দৰ্শনৰ অন্ততঃ সন্ধিয়ালৈ তেওঁ পুনৰ বিমানযোগে লক্ষ্ণৌ অভিমুখে ৰাওনা হয়।