NORTHEAST NOW (Assamese)
অসম

ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াটো বিজেপিৰ ৰাজনীতি : গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 26, 2019 8:27 am
Tarun gogoi on Bharat ratna.docx photo

“ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াটো বিজেপিৰ ৰাজনীতি,”- মহানগৰীৰ হোটেল গেট ৱে’ত শুকুৰবাৰে এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ আগে আগে বিজেপিয়ে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰাকলৈ সৰৱ হৈ পৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী।

তেওঁ লগতে প্ৰশ্ন কৰি কয়” ইমান দিনে প্ৰদান নকৰিলে, আজি কিয় দিয়া হ’ল? “সেয়েহে মই এইক্ষেত্ৰত বিজেপিয়ে ৰাজনীতি কৰা বুলি ভাবিছো,”-গগৈয়ে লগতে কয়।

ইপিনে, বেংগলৰ নিৰ্বাচন সমাগত বাবেই প্ৰণৱ মুখাৰ্জীকো এতিয়া ভাৰত ৰত্ন দিয়া বুলি গগৈয়ে কয়। অৱশ্যে ভূপেন হাজৰিকা আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ভাৰত ৰত্ন পোৱাৰ যোগ্য বুলি সদৰী কৰে তৰুণ গগৈয়ে।

“তেওঁলোক দুজনে ভাৰত ৰত্ন পোৱাটো প্ৰাপ্য। ভাৰত ৰত্ন পোৱাক লৈ মই অসন্তোষ নহয়। কিন্তু অকস্মাৎ কিয় দিয়া হ’ল?’’- সংবাদ মাধ্যমৰ আগত এইদৰে তৰুণ গগৈয়ে কয়।

তদুপৰি, বঁটা প্ৰদানৰ আঁৰত এক নিৰ্বাচনী কৌশল সোমাই থকা বুলি গগৈয়ে সন্দেহ প্ৰকাশ কৰে। তাৎপৰ্যপূৰ্ণভাৱে গগৈয়ে কয়,”যদি প্ৰকৃততে বিজেপিয়ে ভূপেন হাজৰিকাক শ্ৰদ্ধা কৰে তেন্তে এই বিলখনো বাতিল কৰিব লাগে।”

গগৈয়ে লগতে কাইলৈৰ ভিতৰত বিলখন প্ৰত্যাহাৰ কৰি সুধাকন্ঠৰ প্ৰতি বিজেপিক শ্ৰদ্ধা প্ৰদৰ্শন কৰিবৰ বাবে আহ্বান জনায়। “অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি ড০ ভূপেন হাজৰিকাৰ অৱদান অন্যতম,” গগৈয়ে কয়।

আনহাতে, কংগ্ৰেছে ভূপেন হাজৰিকাক মৃত্যুৰ সময়ত তথা মৃত্যুৰ আগ মুহূৰ্তলৈকে তেওঁৰ আৰ্থিক অনাটনৰ বাবে ধন দি সহায় কৰা বুলিও গগৈয়ে দাবী কৰে।