NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ধৰ্ষণৰ বলি হোৱা মহিলাৰ ক্ষেত্ৰত নিষিদ্ধঘোষিত ‘টু ফিংগাৰ টেষ্ট’ অব্যাহত ৰখাৰ বাবে মেঘালয় চৰকাৰক ধমক উচ্চতম ন্যায়ালয়ৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 20, 2024 5:41 pm
ধৰ্ষণৰ বলি হোৱা মহিলাৰ ক্ষেত্ৰত নিষিদ্ধঘোষিত ‘টু ফিংগাৰ টেষ্ট’ অব্যাহত ৰখাৰ বাবে মেঘালয় চৰকাৰক ধমক উচ্চতম ন্যায়ালয়ৰ

‘টু ফিংগাৰ টেষ্ট’ অব্যাহত ৰখাৰ বাবে মেঘালয় চৰকাৰক ধমক দিছে উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে ধৰ্ষিতা মহিলাৰ স্বাস্থ্য পৰীক্ষাৰ লগত সম্পৰ্কিত পদ্ধতি ‘টু ফিংগাৰ টেষ্ট’ক ২০১৩ চনতে নিষিদ্ধ কৰিছিল উচ্চতম ন্যায়ালয়ে। কিন্তু এই পদ্ধতি ন্যায়ালয়ে নিষিদ্ধ কৰাৰ পিছতো মেঘালয়ত অব্যাহত আছে ‘টু ফিংগাৰ টেষ্ট’।

উল্লেখ্য যে ধৰ্ষণৰ পৰীক্ষাৰ বাবে কৰা এই ‘টু ফিংগাৰ টেষ্ট’ক ইয়াক গোপনীয়তা আৰু মৰ্যাদাৰ গুৰুতৰ উলংঘা বুলি অভিহিত কৰি ন্যায়ালয়ে ২০১৩ চনতে এই পদ্ধতিক নিষিদ্ধ কৰিছিল। 

কিন্তু এই আওপুৰণি পৰীক্ষা পদ্ধতিটোক মেঘালয় চৰকাৰে এতিয়াও অব্যাহত ৰখাৰ বাবে মেঘালয় চৰকাৰক ধমক দি শীঘ্ৰেই এই পদ্ধতি বন্ধ কৰিবলৈ সকীয়াই দিছে উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে ২০১৪ চনত স্বাস্থ্য মন্ত্ৰালয়ে এই পৰীক্ষাক অবৈধ ঘোষণা কৰি স্পষ্ট নিৰ্দেশনা জাৰি কৰাৰ পাছতো দেশৰ বিভিন্ন ৰাজ্যত এই পৰীক্ষা অব্যাহত ৰখা হৈছে।
আদালতে পুনৰ কয় যে হাইমেনৰ উপস্থিতিক মহিলাৰ কুমাৰীত্বৰ সৈতে তুলনা কৰাতো উচিত নহয়।