NORTHEAST NOW (Assamese)
অসম

মূকাভিনয় শিল্পী জ্ঞানশিখা হাজৰিকালৈ চি চি আৰ টিৰ সন্মানীয় স্কলাৰশ্বিপ

Posted by: এন ই নাও নিউজ December 18, 2018 9:40 am
Mime actress Gyansikha Hazarika

নিজৰ সুপ্ত শিল্পী প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰি সুন্দৰ-সাৱলীল মূকাভিনয়েৰে অতি কম সময়ৰ ভিতৰতে সংস্কৃতিৰ বৰপথাৰত জিলিকি উঠিবলৈ সক্ষম হোৱা জ্ঞানশিখা হাজৰিকাই কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ অধীনস্থ চেণ্টাৰ ফৰ কালচাৰেল ৰিছাৰ্চ এণ্ড ট্ৰেইনিং (চি চি আৰ টি)ৰ সন্মানীয় স্কলাৰশ্বিপ লাভ কৰিবলৈ সক্ষম হয়।

ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ লোকক নিজৰ প্ৰতিভা বিকাশৰ বাবে সাংস্কৃতিক মন্ত্ৰ্যালয়ে প্ৰতিবছৰে এই স্কলাৰশ্বিপ প্ৰদান কৰি আহিছে ৷ গুৱাহাটীৰ বৰসজাইস্থিত মহৰ্ষি বিদ্যা মন্দিৰৰ নৱম শ্ৰেণীৰ ছাত্ৰী জ্ঞানশিখাই মূকাভিনয় শিতানত চি চি আৰ টিৰ এই বিশেষ স্কলাৰশ্বিপ লাভ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ছাত্ৰীগৰাকীয়ে সংগীত নাটক একাডেমী বটা বিজয়ী বিশিষ্ট শিল্পী, মূকাভিনেতা মইনুল হকৰ অধীনত মূকাভিনয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

প্ৰতিভাধৰ মূকাভিনেত্ৰী জ্ঞানশিখা গুৱাহাটী নিবাসী জানমণি হাজৰিকা আৰু পূৰ্বালী বৰাৰ একমাত্ৰ জীয়ৰী। মেধাৱী ছাত্ৰীগৰাকীৰ এই সাফল্য অসমৰ মূকাভিনয় জগতৰ বাবে এক ইতিবাচক দিশ।