NORTHEAST NOW (Assamese)
অসম

অক্সিজেন চিলিণ্ডাৰৰ অভাৱতে মৃত্যু হ’ল নেকি প্ৰতিভাসম্পন্ন গায়িকা তেজস্বীতা বৰুৱাৰ? ৰাজ্যত শোকৰ ছাঁ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 5, 2022 10:00 pm

বিজয়া দশমী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাব তিথিৰ আনন্দৰ মাজতে এক দুখজনক বাতৰিয়ে ৰাজ্যত শোকৰ ছা পেলাইছে। মাজুলীৰ ১৪ বছৰীয়া তেজস্বীতা বৰুৱাই গীত পৰিবেশন কৰিবলৈ যোৱাৰ সময়তে হঠাতে অসুস্থ হৈ পৰে।

তেওঁক লগে লগে গড়মূৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে।

বিভিন্ন জনে অভিযোগ কৰা অনুসৰি চিকিৎসালয়খনত পৰ্যাপ্ত অক্সিজেন চিলিণ্ডাৰ নথকাৰ বাবেই তেজস্বীতাই কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয়। 

এই ঘটনাৰ পিছতে বহুতে বিষয়টোৰ এক তদন্ত দাবী কৰিছে। ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদি দল-সংগঠনৰ লগতে বিভিন্ন ব্যক্তি তথা প্ৰতিষ্ঠানে তেজস্বীতা বৰুৱাৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।