NORTHEAST NOW (Assamese)
দেশ

ৰাজ্যসভালৈ মনোনীত সুধা মূৰ্তিঃ প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা বাৰ্তা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 8, 2024 7:11 pm
Sudha Murty

ৰাজ্যসভালৈ মনোনীত হৈছে লেখিকা তথা ইনফ’ছিছ ফাউণ্ডেশ্যনৰ অধ্যক্ষ সুধা মূৰ্তি। আজি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক উচ্চসদনলৈ মনোনীত কৰে।

সুধা মূৰ্তিৰ মনোনয়নৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইট যোগে তেওঁক অভিনন্দন জনায়। ৰাজ্যসভাত মূৰ্তিৰ উপস্থিতি দেশৰ ‘নাৰী শক্তি’ৰ এক শক্তিশালী প্ৰমাণ বুলি উল্লেখ কৰে মোদীয়ে।

টুইটটোত মোদীয়ে কয় সুধা মূৰ্তিক ৰাজ্যসভালৈ মনোনীত কৰাত আনন্দ প্ৰকাশ কৰি তেওঁক সংসদীয় কাৰ্যকালৰ ফলপ্ৰসূতা কামনা কৰে।

সমাজ সেৱা, পৰোপকাৰীতা আৰু শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত সুধা মূৰ্তিৰ অৱদান অপৰিসীম আৰু অনুপ্ৰেৰণাদায়ক বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

 

উল্লেখ্য যে, টেলকো (বৰ্তমান টাটা মটৰ্ছ) প্ৰতিষ্ঠানত অভিযন্তা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল সুধা মূৰ্তিয়ে। বৰ্তমান তেওঁ ইনফ’ছিছ ফাউণ্ডেশ্যনৰ অধ্যক্ষ।

তেওঁৰ জীৱন সংগী নাৰায়ণ মূৰ্তি প্ৰখ্যাত আই টি কোম্পানী ইনফ’ছিছৰ প্ৰতিষ্ঠাপক। বিগত বৰ্ষত সুধা মূৰ্তিক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণেৰে সন্মানিত কৰা হৈছিল।

প্ৰসংগক্ৰমে উল্লেখনীয়, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কলা, সাহিত্য, বিজ্ঞান, আৰু সমাজ সেৱাৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে সংসদৰ উচ্চ সদনলৈ ১২ জন সদস্যক মনোনীত কৰে।