NORTHEAST NOW (Assamese)
অসম

কমিছনৰ অংকত পেট ওলাইছে চৰকাৰী নেতাৰ, সেয়ে এম এল এ হোষ্টেলত জিম খোলাৰ ব্যৱস্থা

Posted by: এন ই নাও নিউজ December 20, 2018 10:28 pm

আজি ওদালগুৰি জিলাৰ মাজবাটত ‘লহকৰ ফিটনেছ হাব’ নামৰ এটা ব্যায়ামাগাৰ উদ্বোধন কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। উদ্বোধনী অনুষ্ঠানটোত মিষ্টাৰ ইউনিভাৰ্ছ গোলাপ ৰাভাও উপস্থিত থাকে।

অনুষ্ঠানটো উদ্বোধন কৰি জুবিন গাৰ্গে কয় যে, ‘অসমৰ ক্ৰীড়া জগতৰ নতুন জাগৰণৰ বাবে ওলাই আহিছোঁ। অসমৰ নাম উজলাবলৈ সক্ষম হৈছে গোলাপ ৰাভা, হিমা দাসৰ দৰে খেলুৱৈসকলে। ময়ো খেলৰ সৈতে জড়িত যুৱক, খেল খেলি ভাল পাওঁ। ভাল খেলুৱৈ সকলক মই আগলৈ সহায় কৰি যাম।’

আনহাতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা মিষ্টাৰ য়ুনিভৰ্ছ গোলাপ ৰাভাই চৰকাৰখনৰ ওপৰত ক্ষোভ উজাৰে। তেওঁ কয় যে, ‘চৰকাৰে নিজৰ লাভালাভৰ বাবে জিম নিৰ্মাণত গুৰুত্ব দিয়ে। চৰকাৰে তাৰ পৰা টকা লাভ কৰে।  কিন্তু এথলেটিকছ সকলক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে। এথলেটিকছ সকলে নিজৰ ধনেৰে বাহিৰলৈ গৈ মেডেল আঁজুৰি আনিবলৈ সক্ষম হৈছে। মোকো চৰকাৰে সহায় কৰা নাছিল। চৰকাৰখনে শৰীৰ চৰ্চাকাৰীক এনেদৰে উপলুঙা কৰি থাকিলে এটা সময়ত এজনে শৰীৰচৰ্চাবিদ অসমত নাইকিয়া হৈ যাব।’

মন কৰিব লগীয়া যে এম এল এ হোষ্টেলত জিম খুলিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰি গোলাপ ৰাভাই কয় যে ‘চৰকাৰৰ নেতা সকলৰ অকল খোৱা আৰু শুৱা কাম। কমিছনৰ অংকত ব্যস্ত থাকি টকা খাই পেট ওলাই গৈছে সেয়ে এম এল এ হোষ্টেলত জিম খোলাৰ ব্যৱস্থা কৰিছে।’