NORTHEAST NOW (Assamese)
অসম

১৫ সংখ্যক জিণ্টু গগৈ স্মাৰক ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত মাৰ্ঘেৰিটা, নাজিৰা

Posted by: অভিক চক্ৰবৰ্তী Updated by: অভিক চক্ৰবৰ্তী December 20, 2018 8:50 pm
cd82dab1-1f25-4b7d-af20-8a47596cb98b

আজি ২০ ডিচেম্বৰ বৃহস্পতিবাৰে অনুষ্ঠিত ১৫ সংখ্যক জিণ্টু গগৈ বীৰ চক্ৰ স্মাৰক ফুটবল প্ৰতিযোগিতাত মাৰ্ঘেৰিটা কলেজ আৰু নাজিৰা কলেজে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ডিব্ৰুগড়ৰ পলো গ্ৰাউণ্ডত এই ফুটবল প্ৰতিযোগিতাখন চলি আছে।

মাৰ্ঘেৰিটা আৰু টেঙাখাতৰ মাজৰ মেচখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হৈ পৰিছিল আৰু নিৰ্ধাৰিত সময়লৈকে অমীমাংসিত হৈ আছিল। অৱশেষত এটা পেনাল্টী শ্বটেৰে মাৰ্ঘেৰিটা কলেজে টেঙাখাতক ৩-২ৰ ব্যৱধানত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

মাৰেঘেৰিটাৰ হৈ দীপ কুমাৰ, বিকাশ কৰ্মকাৰে গ’ল দিয়ে। টেঙাখাতৰ হৈ হীৰকজ্যোতি সোণোৱাল আৰু জয়ন্ত বৰাই গ’ল দিয়ে।

আন এখন মেটত নাজিৰা কলেজে ১৭ গাড়ৱাল ৰাইফলছক ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। অগ্ৰসেন মহন্তই ২টা গ’ল নবনীত বুঢ়াগোহাঞিয়ে এটাকৈ গ’ল দিয়ে।১৭ গাড়োৱাল ৰাইফলছৰ হৈ দেৱেন্দ্ৰ পিডিয়ে একমাত্ৰ গ’লটো দিয়ে।

অহাকালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বিএফচিচিৰ বিৰুদ্ধে আৰু ডুমডুমা কলেজে এনএলবি চিটী কলেজৰ বিপক্ষে খেলিব। উল্লেখ্য যে ‘অভিযান সদ্ভাৱনা’ৰ অংশ হিচাপে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে ভাৰতীয় সেনাৰ ডাও ডিভিজনে।  কাৰ্গিলৰ বীৰ চহিদ কেপ্টেইন জিণ্টু গগৈৰ স্মৃতিত এই ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।