NORTHEAST NOW (Assamese)
অসম

হিমন্ত বিশ্বৰ কাষত ৰাজ্যৰ গাওঁবুঢ়া

Posted by: ৰাজীৱ দত্ত December 20, 2018 8:33 pm
BJP will pass Citizenship Bill, if gets majority in Rajya Sabha: Himanta Biswa Sarma

দৰমহা বৃদ্ধিৰ দাবীৰে বৃহস্পতিবাৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিছে সদৌ অসম গাওঁবুঢ়া সন্থা।

মাহিলী দৰমহা ২৭,৫০০ টকালৈ বৃদ্ধি, প্ৰতিজন গাওঁবুঢ়াৰ বাবে একোটাকৈ কাৰ্য্যালয়, গাওঁবুঢ়াসকলৰ স্বাভাৱিক মৃত্যুত ৫লাখ আৰু অস্বাভাৱিক মৃত্যুত ১০লাখকৈ টকা পৰিয়ালক এককালীন সাহায্য দিয়াৰ দাবীৰে মন্ত্ৰী শৰ্মাক স্মাৰক পত্ৰ দিছে সন্থাই।

“গাওঁবুঢ়া সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সঁজাতি দলে বিত্ত মন্ত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে স্মাৰকপত্ৰ প্ৰদান কৰে,” নৰ্থ ইষ্ট নাও-ক জনালে সমন্বয়ক দিলীপ দত্তই।

আলোচনা “সৌহাদ্যপূৰ্ণ” বুলি সদৰী কৰি দত্তই লগতে কয় যে মন্ত্ৰীগৰাকীয়ে গাওঁবুঢ়াসকলৰ সমস্যাৰাজি গুৰুত্ব সহকাৰে লৈ সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

সন্থাৰ দলটোত আছিল সভাপতি ডম্বৰুধৰ দেউৰী, সম্পাদক সমৰেন্দু হাজৰিকা, কাৰ্য্যকৰী সভাপতি  ঘনশ্যাম তালুকদাৰ, সাংগঠনিক সম্পাদক পংকু বৰা আৰু সমন্বয়ক দিলীপ দত্তই।