NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত মহিলাক কৃষি আৰু যন্ত্ৰ প্ৰশিক্ষণ

Posted by: ৰাজীৱ দত্ত December 20, 2018 9:32 pm
workshop for women concluded in assam's sivasagar

শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ সমীপৰ বলিয়াঘাট তিনিআলিস্থিত সতী ৰাধিকা স্মৃতি ৰক্ষা কলা কেন্দ্ৰত মহিলাৰ বাবে আয়োজিত কৃষি আৰু ঔদ্যোগিক যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ কৰ্মশালাৰ বৃহস্পতিবাৰে সামৰণি পৰিছে।

১৮ ডিচেম্বৰৰ পৰা অনুষ্ঠিত ৩দিনীয়া কৰ্মশালাখনত এশৰো অধিক যুৱতীকে ধৰি মহিলাই প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণত ভাগ লোৱা বহুকেইগৰাকী মহিলাই আত্ম নিয়োজনৰ বাবেও পৰিকল্পনা কৰা বুলি সদৰী কৰিছে।

উত্তৰ পূৰ্বাঞ্চল ক্ষেত্ৰীয় কৃষি যন্ত্র প্ৰশিক্ষণ আৰু পৰীক্ষণ কেন্দ্ৰ, বিশ্বনাথৰ উদ্যোগত শিৱসাগৰ জিলা অনুসূচিত জাতি মহিলা সমিতিৰ সহযোগত আয়োজিত কৰ্মশালাখনত প্ৰশিক্ষণ প্ৰদান কৰে কৈলাশ চেতিয়া আৰু খগেন্দ্ৰ  বৰাই।

মহিলা সমিতিৰ সভানেত্রী পাৰুল দেৱী দাস, সম্পাদিকা  ববিতা  দাস আৰু বিষয়ববীয়া প্ৰতিভা দাসো কৰ্মশালাত উপস্থিত আছিল।

মহিলা সবলীকৰণৰ লক্ষ্যৰে আয়োজিত কৰ্মশালাখন উদ্বোধন কৰিছিল ৰুদ্ৰসাগৰ গাওঁ পঞ্চায়তৰ নৱ  নিৰ্বাচিত সভাপতি দীপাংকৰ হাজৰিকাই।