NORTHEAST NOW (Assamese)
অসম

ব্যক্তিগত খণ্ডক গতোৱাৰ প্ৰতিবাদত ২৪ ডিচেম্বৰৰ পৰা ১০০ ঘণ্টীয়া অইল খাদ বন্ধ ঘোষণা যুৱ-ছাত্ৰৰ

Posted by: এন ই নাও নিউজ December 21, 2018 12:54 pm
OIL fields

অসমৰ তৈলক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডক গতাই দিবলৈ ওলোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ সচেতন মহলৰ লগতে বিভিন্ন দল-সংগঠন। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ এনে কাৰ্যক এতিয়া তীব্ৰ ভষাৰে গৰিহনা দিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদেও।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অহা ২৪ ডিচেম্বৰৰ পুৱা ৫ বজাৰ পৰা তিনিচুকীয়া জিলাৰ অইলৰ সকলো খাদত ১০০ ঘণ্টীয়া বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিব। এটা বিবৃতিযোগে এই কথা জনাইছে সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ আৰু ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপৰি সদৌ মৰাণ ছাত্ৰ সন্থাইও মোদী চৰকাৰে লোৱা সিদ্ধান্তত সৰৱ হৈ পৰিছে। অসমৰ তৈলক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ সিদ্ধান্তক সংগঠনটোৱে কোনোপধ্যেই মানি নলও বুলি স্পষ্ট ৰূপত উল্লেখ কৰিছে।

এটা বিবৃতিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰুণজ্যোতি মৰাণে কয় যে জাতি-মাটি-ভেটি সুৰক্ষিত কৰিম বুলি বিভিন্ন শ্লোগান আওৰাই গাদীত বহা বিজেপি চৰকাৰে এতিয়া গ্ৰহণ কৰা থলুৱা বিৰোধী পদক্ষেপ কোনো কাৰণতে মানি লোৱা নহ’ব।

ইফালে থলুৱাৰ স্বাৰ্থ বিঘ্নিত হোৱা কোনো কাম কেতিয়াও সহ্য তথা গ্ৰহণ কৰা নহ’ব বুলি কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সকিয়াই দিয়াৰ লগতে চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত সন্দৰ্ভত সন্থাই ২২ ডিচেম্বৰত এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা বুলি অৰুণজ্যোতি মৰাণে জানিবলৈ দিয়ে।