NORTHEAST NOW (Assamese)
অসম

নলবাৰীৰ নাৰপাৰাৰ পৰা নিৰুদ্দেশ অষ্টম শ্ৰেণীৰ ছাত্ৰ; সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ December 21, 2018 2:04 pm
Kulajit das

১৯ ডিচেম্বৰৰ ৰাতিপুৱাৰ পৰা নিৰুদ্দেশ হৈ থকা নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ ওচৰৰ নাৰপাৰা গাঁৱৰ এজন অষ্টম শ্ৰেণীৰ ছাত্ৰৰ আজি পৰ্যন্ত কোনো সন্ধান উলিয়াব নোৱাৰাত আজিও অঞ্চলটোত ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে।

শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত নিৰুদ্দিষ্ট ছাত্ৰজন চন্দ্ৰ দাস আৰু অনিতা দাসৰ পুত্ৰ কুলজিত দাস বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, যোৱা ১৮ ডিচেম্বৰ অৰ্থাৎ মঙলবাৰে ছাত্ৰজনে তেওঁলোকৰ ঘৰৰ ওচৰৰে মাহীয়েকৰ ঘৰত নিশাটো কটাই ১৯ ডিচেম্বৰৰ ৰাতিপুৱাই নিজ ঘৰলৈ বুলি আহিছিল। কিন্তু মাহীয়েকৰ ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা ছাত্ৰজন ৰহস্যজনকভাৱে নিৰুদ্দেশ হয়।

ইফালে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোক অৱগত হোৱাত কিছু স্থানীয় লোকৰ সহায়ত ছাত্ৰজনক বিচাৰি অনুসন্ধান চলাই যদিও একো শুসূত্ৰ উলিয়াব নোৱাৰিলে। পৰিয়ালৰ লোকে ছাত্ৰজনক বিচাৰি নোপোৱাত অৱশেষত ১৯ ডিচেম্বৰৰ দিনাই কমাৰকুছি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

কমাৰকুছি আৰক্ষীয়েও এজাহাৰৰ ভিত্তিত নিৰুদ্দিষ্ট ছাত্ৰজনক বিচাৰি বিভিন্ন ঠাইত অনুসন্ধান চলাইছে যদিও এই পৰ্যন্ত কোনো তথ্য উলিয়াব পৰা নাই।

হঠাৎ কিদৰে এজন ছাত্ৰ এইদৰে নিৰুদ্দেশ হ’ব পাৰে তাকে লৈ এতিয়া স্থানীয় লোকৰ মাজত সৰৱ চৰ্চা হোৱা পৰিলক্ষিত হোৱাৰ লগতে ছাত্ৰজনক কোনো দুষ্ট চক্ৰই অপহৰণ কৰি নিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে।