NORTHEAST NOW (Assamese)
অসম

এজাক বৰষুণতে আকৌ ডুবিল যোৰাবাট : ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 5, 2025 5:57 pm
এজাক বৰষুণতে আকৌ ডুবিল যোৰাবাট : ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা

দেওবাৰে হোৱা এজাক প্ৰচণ্ড বৰষুণৰ পিছত যোৰাবাটৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ কৃত্ৰিম বানপানীৰ ফলত ডুব যায়।

বৰষুণৰ পিছত উৰণীয়া সেতুৰ তলৰ পানী প্ৰায় চাৰি ফুট উচ্চতালৈ বৃদ্ধি পায়। যাৰ ফলত গুৱাহাটীৰ পৰা উজনি আৰু উত্তৰ অসমলৈ যাব লগা বাছ সেৱা ব্যাহত হৈ পৰিছে।

যদিহে বৰষুণ অব্যাহত থাকে তেন্তে ঘাইপথৰ পানীৰ মাত্ৰা আৰু বৃদ্ধি পাব পাৰে, যাৰ ফলত যাতায়তৰ অৱস্থা অধিক বেয়া হ’ব পাৰে।