NORTHEAST NOW (Assamese)
অসম

ডীমড য়ুনিভাৰ্ছিটীলৈ উন্নীত হ’ব কোকৰাঝাৰৰ প্রযুক্তিবিদ্যাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠান : কাম্পা বৰগয়াৰী

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী December 21, 2018 9:47 pm
CIT-Kokrajhar-750x375

কোকৰাঝাৰৰ প্রযুক্তিবিদ্যাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠান অচিৰেই ডীমড য়ুনিভাৰ্ছিটীলৈ উন্নীত হ’ব। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৬ৰ ১৯ জানুৱাৰিত কোকৰাঝাৰলৈ ভ্ৰমণ কৰাৰ সময়ত ২০০৩ চনত স্বাক্ষৰিত হোৱা বড়ো চুক্তিৰ অনুসৰি উক্ত প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানটোক ডীমড য়ুনিভাৰ্ছিটীলৈ উন্নীত কৰাৰ আশ্বাস প্ৰদান কৰিছিল।

সাংবাদিকৰ আগত বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদৰ ডেপুটী চীফ কাম্পা বৰগয়াৰীয়ে কৈছে, ‘‘দুদিন পূৰ্বে আমি গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ৰ সচিবৰ সৈতে এখন বৈঠকত মিলিত হৈছিলোঁ। আমাক আশ্বাস প্ৰদান কৰা হৈছে যে অতি শীঘ্ৰেই প্রযুক্তিবিদ্যাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানক ডীমড য়ুনিভাৰছিটীলৈ উন্নীত কৰা হ’ব।

বৰগয়াৰীয়ে এটা এটা বিৰাট সাফল্য বুলি অভিহিত কৰিছে। প্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানখনত ভালেকেইটামান উন্নয়নমূলক কাম-কাজ হাতত লোৱা হ’ব আৰু ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰাত যথেষ্ট সহায়ক হ’ব বুলি মত প্ৰকাশ কৰিছে বৰগয়াৰীয়ে।

ইতিমধ্যে,প্ৰতিষ্ঠানটোৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰকাশ কৰিছে যে কোকৰাঝাৰৰ প্রযুক্তিবিদ্যাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানটোক ডীমড বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথা বহু কেইবাৰ শুনিছে যদিও বাস্তৱত সেয়া হৈ উঠা নাই। ‘‘যদিহে এই বাতৰিটো সঁচা হৈ উঠে, তাৰে আমি যথেষ্ট উপকৃত হ’ব পাৰিম। এয়া হ’লে আমি কৰ্তৃপক্ষৰ ওচৰত কৃতজ্ঞ থাকিম।’’ বুলি একাংশ ছাত্ৰ-ছাত্ৰীয়ে মন্তব্য কৰে।