NORTHEAST NOW (Assamese)
অৰুণাচল

দঞি প’ল’ৰ মন্দিৰ উদ্বোধন অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ

Posted by: এন ই নাও নিউজ December 22, 2018 8:07 am
Donyi Polo

২১ ডিচেম্বৰ শুকুৰবাৰে অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে ৰাজ্যখনৰ উজনি ছিয়াং জিলাৰ মাৰিয়াঙত মিছিংসকলৰ উপাস্য দেৱতা দঞি প’লৰ মন্দিৰ এটা উদ্বোধন কৰিছে।

উল্লেখ্য যে দঞি প’ল’ (সূৰ্য আৰু চন্দ্ৰ) হৈছে অৰুণাচলত বাস কৰা তানি আৰু তিব্বক-বৰ্মীয় জনজাতিসকলৰ উপাস্য দেবতা।

খৃষ্টিয়ান ধৰ্ম আৰু হিন্দু ধৰ্মই ৰাজ্যখনৰ পৰম্পৰাগত সংস্কৃতিক গ্ৰাস কৰাৰ উপক্ৰম হোৱাত নিজৰ শিপাক মজবুত কৰি ৰখাৰ বাবে এটা  ১৯৭০ চনত দঞি প’ল’ৰ পূজাক এটা আনুষ্ঠানিক মৰ্যাদা কৰা হৈছিল।