NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত জ্যেষ্ঠ নাগৰিকৰ বাবে অৱসৰ বিনোদনৰ কেন্দ্ৰ ‘সাৰথি’ৰ শুভাৰম্ভ

Posted by: পাৰ্শ্বজ্যোতি গগৈ December 26, 2018 7:08 am
Sarothi

বৰ্তমানৰ যান্ত্ৰিকতাৰ যুগত মানুহৰ মাজৰ সম্বন্ধবোৰ তথা মানৱীয় অলংকাৰ সমূহ শেষ হৈ যোৱাৰ লগতে আপোনজনৰ লগতে অচিনাকী হৈ পৰিছে। ঘৰতেই হওঁক বা বাহিৰতেই হওঁক, জ্যেষ্ঠজনক আমি অবজ্ঞা কৰিবলৈ লৈছো যাৰ বাবে নিসংগ হৈ পৰিছে প্ৰতিজন জ্যেষ্ঠ ব্যক্তি। সেয়ে জ্যেষ্ঠ নাগৰিকৰ নিসংগতা দূৰ কৰাৰ বাবে আগবাঢ়ি আহিছে শিৱসাগৰৰ ৰাজহংস ক্লাৱ।

শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান ৰাজহংস ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষত জেষ্ঠ নাগৰিকৰ কল্যান আৰু অৱসৰ বিনোদনৰ বাবে ‘সাৰথি’ নামেৰে এটি অৱসৰ বিনোদনৰ কেন্দ্ৰৰ শুভাৰম্ভ কৰে। হেমচন্দ্ৰ বৰুৱা পথৰ হাউচিং কলনিত থকা ৰাজহংস ক্লাৱৰ প্ৰাংগণত ২৫ ডিচেম্বৰত শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই শুভ উদ্বোধন কৰে এই জ্যেষ্ঠ নাগৰিকৰ অৱসৰ বিনোদনৰ কেন্দ্ৰটো।

উদ্বোধনী অনুষ্ঠানত জিলা উপায়ুক্তই জ্যেষ্ঠ নাগৰিকৰ বাবে ৰাজহংস ক্লাৱে লোৱা এই পদক্ষেপক ভূয়শী প্ৰসংশা কৰাৰ লগতে জ্যেষ্ঠ নাগৰিকৰ লগত দবা খেল খেলে উপায়ুক্ত গৰাকীয়ে।

ৰাজহংস ক্লাৱৰ সম্পাদক ৰাজীৱ কুমাৰ বৰপূজাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট ভাস্কৰ্য্য শিল্পী অংশু কুমাৰ গগৈক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানটোত সাহিত্যিক অনিল পাংগিং, পৱিত্ৰ প্ৰাণ ভট্টাচাৰ্য্য, বিশিষ্ট শিক্ষাবিদ সোনাৰাম বৰুৱা, জ্যেষ্ঠ নাগৰিক গংগা প্ৰসাদ বৰগোঁহাইৰ লগতে বহুতো গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।