NORTHEAST NOW (Assamese)
অসম

২০১৭ বৰ্ষৰ দহজন শ্ৰেষ্ঠ অভিনেতাৰ মাজত আদিল হুছেইনৰ স্থান লাভ

Posted by: এন ই নাও নিউজ January 8, 2018 3:12 pm
আদিল হুছেইনে

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এন ডি টি ভিৰ ফালৰ পৰা প্ৰকাশিত ২০১৭ বৰ্ষৰ দহজন শ্ৰেষ্ঠ অভিনেতাৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অসমত জন্মগ্ৰহণ কৰা ৫৪ বছৰীয়া অভিনেতা গৰাকীয়ে মুক্তি ভৱন নামৰ হীন্দি চলচ্চিত্ৰখনত কৰা দুৰ্দান্ত অভিনয়ৰ তালিকাখনৰ চতুৰ্থ স্থান লাভ কৰিছে।

পিতা-পুত্ৰৰ মাজত থকা সম্পৰ্কক সংবেদনশীল ৰূপত তুলি ধৰা শুভাসিশ ভুটিয়ানিৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত আদিল হুছেইনে ৰাজীব এজন অনিচ্ছুক পুত্ৰৰ চৰিত্ৰত অভিনয় কৰি যি নিজৰ পিতৃৰ শেষ ইচ্ছা অনুসৰি তেওঁক জীৱনৰ অন্তিম দিনকেইটা অতিবাহিত কৰিবলৈ পবিত্ৰ বাৰাণসী চহৰলৈ লৈ যায়।

তালিকাখন প্ৰস্তুত কৰা চলচ্চিত্ৰ সমালোচক ৰাজা সেনে কয় যে হুছেইনে চৰিত্ৰটোৰ মনত চলি থকা অন্তৰ্দন্দক অত্যন্ত বিশ্বাসযোগ্য ভাবে তুলি ধৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে মাজৰাতিৰ কেতেকী আৰু মুক্তিভৱনত কৰা অভিনয়ৰ বাবে অভিনেতাজনক ২০১৭ চনৰ ৰাষ্ট্ৰীয় পুৰস্কাৰত বিশেষভাৱে সন্মানিত কৰা হৈছিল।