NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় মহিলা দলত স্থান লাভ কৰিলে অসমৰ দুই বক্সাৰে

Posted by: এন ই নাও নিউজ January 8, 2018 10:07 am
ভাৰতীয় বক্সিং ফেডাৰেশ্যন

নতুন বছৰত অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে আহিল আন এক সুখবৰ। ৭ম নেচনছ কাপ প্ৰতিযোগিতাৰ বাবে ঘোষণা কৰা ভাৰতীয় বক্সিং দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ দুই প্ৰতিভাৱান বক্সাৰে। ৰাষ্ট্ৰীয় মহিলা বক্সিং দলত স্থান লাভ কৰা দুই মহিলা বক্সাৰ ক্ৰমে জুনিয়ৰ ছোৱালী শাখাত নিকি কুজুৰ আৰু যুৱ মহিলা শাখাত জয় কুমাৰী।

লক্ষ্যণীয় যে এই আন্তৰ্জাতিক মেগা প্ৰতিযোগিতাখন জানুৱাৰিৰ ৯ ৰ পৰা ১৫ লৈ চাৰ্বিয়াত অনুষ্ঠিত হ’ব  ।

ইয়াৰ উপৰি এই প্ৰতিযোগিতাখনতে বিচাৰক ৰূপে থাকিব অসমৰ পায়েল চাব্বাই। এই কৃতিত্ব লাভ কৰা পায়েল চাব্বাই হৈছে উত্তৰ-পূবৰ প্ৰথমগৰাকী মহিলা।

অসমৰ ক্ৰীড়া প্ৰেমীৰ বাবে অহা এই সুখবৰটো কিছু সময় পূৰ্বে অসম বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতাই সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

উল্লেখযোগ্য যে যোৱা বছৰৰ শেষৰ ফালে অসমত অনুষ্ঠিত হোৱা বিশ্ব মহিলাৰ যুৱ বক্সিঙত অসম-জীয়ৰী অংকুশিতা বড়োৱে ৬৪ কেজি শাখাত সোণৰ পদক আজুৰি অনাত স্বাভাৱিকতে অসমৰ ক্ৰীড়া জগতত এক আনন্দৰ জোৱাৰ উঠিছিল। কিয়নো অংকুশিতাৰ মাজেৰে অসমবাসীয়েও মণিপুৰৰ মেৰী কমৰ দৰে এগৰাকী খেলুৱৈৰ উত্থানৰ সপোন দেখাত এই ঘটনাই সহায় কৰিছে। স্মৰ্তব্য যে অংকুশিতাৰ পিছতে ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পোৱা নিকি কুজুৰ আৰু জয় কুমাৰীয়েও পদক আজুৰি আনি দেশবাসীৰ লগতে অসমবাসীক গৌৰাৱান্বিত কৰক তাকেই কামনা কৰিছে সমগ্ৰ ক্ৰীড়া প্ৰেমীয়ে।