NORTHEAST NOW (Assamese)
অসম

জে পি চিৰ প্ৰতিবেদন অগ্ৰহণযোগ্য, নিস্তাৰ নাপাব সোণোৱালে: আছু

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক December 29, 2018 9:06 pm
AASU vows to help Indians harassed in NRC update process

আকৌ অসম আন্দোলনৰ ভয়াৱহ পৰিস্থিতি অসমলৈ উভতি আহিব নেকি? সেই পৰিস্থিতিৰ পুনৰাবৃত্তি ঘটিলে তাৰ বাবে দায়ী কোন হ’ব? বছৰটোৰ শেষত সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে?

লগতে পঢ়ক– বছৰৰ অন্তিম দিনটোত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত জে পি চিৰ প্ৰতিবেদন সম্পৰ্কীয় বৈঠক

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত যোৱা এটা বছৰতকৈ অধিক সময় অসমত তীব্ৰ আন্দোলন চলাৰ পাছতো এতিয়াও স্থিতি স্পষ্ট কৰিব পৰা নাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসমৰ ‘জাতীয় নায়ক’ হিচাপে জনাজাত মুখ্য মন্ত্ৰী সোণোৱালৰ মৌনতাৰ মাজতেই বছৰটোৰ শেষৰ দিনটোতে সদনত যুটীয়া সংসদীয় সমিতিয়ে সদনত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে।

কিন্তু এই প্ৰতিবেদনক অসম্পূৰ্ণ আৰু আংশিক আখ্যা দিছে সদৌ অসম ছাত্ৰ সন্থাই। ‘অসমৰ স্বাৰ্থ জলাঞ্জলি দি’ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আংশিক প্ৰতিবেদন দাখিল কৰিবলৈ যুটীয়া সংসদীয় সমিতিয়ে যো-জা চলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

উল্লেখ্য যে, বিধেয়কখন সন্দৰ্ভত অসমৰ উজনি, নামনি, বৰাক উপত্যকা, উত্তৰ অসম আদি বিভিন্ন স্থানলৈ গৈ ৰাইজৰ মতামত গ্ৰহণ কৰিবলৈ যুটীয়া সংসদীয় সমিতিক অনুৰোধ জনাইছিল সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনে। কিন্তু যুটীয়া সংসদীয় সমিতি অসমলৈ আহি মাত্ৰ গুৱাহাটীত এদিন আৰু শিলচৰত দুদিন শুনানি গ্ৰহণ কৰিয়ে দিল্লীলৈ উভতি গ’ল। অসমলৈ শুনানি গ্ৰহণৰ বাবে পুনৰ অহাৰ প্ৰতিশ্ৰুতি দিয়ো নাহিল।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ প্ৰতিৰোধ সংগ্ৰামৰ বিপৰীতে মাত্ৰ কিছু অংশৰ মতামতৰ ভিত্তিতেই যুগুত কৰা প্ৰতিবেদনৰ ভিত্তিত বিধেয়ক গৃহীত কৰিবলৈ আগবাঢ়িলে পৰিণাম ভয়াৱহ হোৱাৰ হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাই।

‘অসম চুক্তিক উলংঘা আৰু অসমৰ স্বাৰ্থ জলাঞ্জলি দি এই বিধেয়ক গৃহীত কৰিলে কোনো মুখ্য মন্ত্ৰীকে ধৰি অসমৰ কোনো মন্ত্ৰী-বিধায়কে ইয়াৰ পৰিণামৰ পৰা নিস্তাৰ নাপাব,’ আছুৰ সভাপতি দীপাংক কুমাৰ নাথে সংবাদ মাধ্যমক কয়।

একেদৰে, উত্তৰ-পূবৰ সাতোখন ৰাজ্যৰ ৰাইজৰ মতামত নোলোৱাকৈ দিল্লীত বহি যুগুত কৰা প্ৰতিবেদন কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি কয় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যয়ো।

বিধেয়কখনৰ বাবে অসমত হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে দায়ী অসমৰ মুখ্য মন্ত্ৰীৰ লগতে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ হ’ব বুলিও ছাত্ৰ সন্থাৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে।

লগতে ‘অসমৰ ক্ষতি হ’ব পৰা কাম নকৰো’ বুলি কোৱা মুখ্য মন্ত্ৰী সোণোৱালে বিধেয়কখনক লৈ মতামত স্পষ্ট কৰিব পৰা নাই। তেওঁ লগতে ৰাইজৰ মনত সৃষ্টি হোৱা আশংকা আৰু তাৰ ফলত হোৱা প্ৰতিবাদৰ পাছতো নিমাত হৈয়ে আছে। গতিকে আছু নেতৃত্বই মুখ্য মন্ত্ৰী সোণোৱালক মৌনতা ভংগ কৰি স্থিতি স্পষ্ট কৰাৰ বাবে পুনৰ আহ্বান জনায়।