NORTHEAST NOW (Assamese)
অসম

২৮ জানুৱাৰিৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন : কাৰ্যসূচীত ৰাজ্যপালৰ অনুমোদন

Posted by: এন ই নাও নিউজ January 3, 2019 4:56 pm
assam-assembly-building

অহা ২৮ জানুৱাৰিৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ’ব। অধিৱেশনৰ এই কাৰ্যসূচীত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ইতিমধ্যে অনুমোদন জনাইছে।

অসম বিধানসভা সচিবালয়ৰ প্ৰধান সচিব মৃগাংক কুমাৰ ডেকাই জানিবলৈ দিয়ে যে, ‘’ৰাজ্যপাল জগদীশ মুখীয়ে অহা ২৮ জানুৱাৰিত অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে জাননি জাৰি কৰিছে।‘’

আনহাতে, বিধানসভাৰ বাজেট অধিৱেশনখন অহা ফেব্ৰুৱাৰি মাহৰ শেষলৈকে চলাৰ সম্ভাৱনা আছে। সূত্ৰসমূহৰ পৰা জানিব পৰা মতে অহা ৬ ফেব্ৰুৱাৰিত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত বাজেট উত্থাপন কৰাৰ সম্ভাৱনা আছে।

প্ৰধান সচিব ডেকাই লগতে জানিবলৈ দিয়ে যে আগন্তুক বাজেট অধিৱেশনখন বিধানসভাৰ নতুন গৃহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

‘’নতুন গৃহটোৰ কিছু কাৰিকৰী কাম বাকী আছে আৰু কামখিনি শেষ হ’লে নতুন গৃহতেই অধিৱেশন অনুষ্ঠিত হ’ব,’’-ডেকাই এইদৰে কয়।