NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত বীৰ নাৰী আৰু প্ৰাক্তন সৈনিকৰ সমৰ্থনত প্ৰাক্তন সৈনিক সমাৱেশ

Posted by: অভিক চক্ৰবৰ্তী Updated by: অভিক চক্ৰবৰ্তী January 3, 2019 3:51 pm
page12-42

চলিত মাহৰ ৬ তাৰিখে ডিব্ৰুগড়ত আৰু তিনিচুকীয়াত বীৰ নাৰী (চহিদৰ বিধৱা) আৰু প্ৰাক্তন সৈনিকৰ সমৰ্থনত এটা প্ৰাক্তন সৈনিক সমাৱেশৰ আয়োজন কৰা হৈছে। দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে আত্ম বলিদান দিয়া ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সৈনিকসকলৰ পৰিয়াল আৰু পত্নীসকলৰ বাবে এই সমাৱেশ আয়োজিত কৰা হৈছে।

ডাও ডিভিজনৰ পৃষ্ঠপোষকতাত ৯ম ৰাজপুতনা ৰাইফলছে আই সমদলৰ আয়োজন কৰিছে। ডিব্ৰুগড়ৰ পল্টন বাজাৰৰ সেনা ছাউনিৰ পলো গ্ৰাউণ্ডত এই সমাৱেশৰ আয়োজন কৰা হৈছে। এই সমাৱেশত শীৰ্ষস্থানীয় সেনা বিষয়াসকলে যোগদানৱ কৰিব আৰু প্ৰাক্তন সৈনিকসকলৰ বিভিন্ন সমস্যা সমাধান কৰা প্ৰচেষ্টা কৰিব।

এই সমাৱেশত চিকিৎসা শিবিৰ, পেনছন সম্পৰ্কীয় ষ্টল, কেণ্টিন স্মাৰ্ট কাৰ্ড ষ্টল, ইচিএইচ্চএছ ষ্টল আৰু সেনা নিয়োগ সম্পৰ্কীয় ষ্টল আদি থাকিব। এই ষ্টলসমূহেৰে সমাৱেশত যোগদান কৰা প্ৰাক্তন সৈনিকসকলক তাৎক্ষণিকভাৱে পঞ্জীয়ন কৰা আৰু সহায়তা আগবঢ়োৱা হ’ব। সমাৱেশৰ সৈতে সংগতি ৰাখি এটা ‘বড়া খানা’ৰো আয়োজন কৰা হ’ব।