NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ মইমতালি; মহকুমাধিপতিৰ আকস্মিক পৰিদৰ্শন

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ October 19, 2019 9:28 pm

মাৰ্ঘেৰিটাৰ নৱ নিযুক্ত মহকুমাধিপতি তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া দিবাকৰ নাথে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থাৰ্মেলস্থিত অসামৰিক চিকিৎসালয়ত আকস্মিকভাৱে উপস্থিত হৈ পৰিদৰ্শন কৰে।

পৰিদৰ্শনৰ কালচোৱাত মহকুমাধিপতিগৰাকীয়ে চিকিৎসালয়খনত চিকিৎসক বাদেই নাৰ্ছ-কৰ্মচাৰীকো দেখা নাপালে।

নিয়ম অনুসৰি পুৱা ৭-৩০ মিনিটত দিনৰ ভাগত দায়িত্বত থকা চিকিৎসক-নাৰ্ছ আদি চিকিৎসালয়খনত উপস্থিত হ’ব লাগে যদিও মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে কোনো দিনে এই নিয়ম মানি নচলাৰ অভিযোগ উত্থাপন হৈছে।

চিকিৎসালয়খনৰ অধ্যক্ষ গৰাকীয়েও এই উদণ্ড চিকিৎসক তথা কৰ্মচাৰীক নাকী লগাব নোৱাৰাৰ লগতে স্বচ্ছতাৰ দিশটো চকু নিদিয়ে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

আনহাতে চিকিৎসালয়খনৰ শিশু বিশেষজ্ঞ  চিকিৎসকজনে চিকিৎসালয়ৰ পৰিৱৰ্তে সৰহভাগ সময় ব্যক্তিগত ফাৰ্মাচী আৰু নিজৰ ঘৰতে একাধিক ধনৰ বিনিময়ত চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে।

উত্থাপিত অভিযোগ মতে উক্ত শিশু বিশেষজ্ঞ জনে চৰকাৰী ভাবে যোগান নথকা শিশুৰ প্ৰয়োজনীয় কেইবাবিধো ঔষধ আৰু বেজি চিকিৎসালয়খনৰ ভিতৰতে শিশুৰ অভিভাৱকক বিক্ৰী কৰে।

তাৰোপৰি চিকিৎসালয়খনৰ বিভিন্ন সুবিধা অসুবিধাৰ দিশ সমূহ তদাৰক কৰা চিকিৎসালয় পৰিচালনা সমিতিৰ অন্যান্য বিষয় ববীয়া সকলৰ কোনো সু পৰামৰ্শও চিকিৎসালয়খনৰ কৰ্তৃপক্ষই গ্ৰহণ নকৰে বুলিও জানিব পৰা গৈছে।

লেতেৰা তথা অস্বাস্থ্যকৰ পৰিবেশ বিৰাজ কৰা মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়খন আজি নৱনিযুক্ত মহকুমাধিপতি গৰাকীয়ে পৰিদৰ্শন কৰাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

ইফালে অভিযোগ উত্থাপন হোৱা চিকিৎসক তথা চিকিৎসা কৰ্মীৰ বিৰুদ্ধে মহকুমাধিপতি গৰাকীয়ে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।