NORTHEAST NOW (Assamese)
অসম

বন্দুকৰ ছাঁত অন্তহীন আলোচনা অগ্ৰহণযোগ্য, ৩১ অক্তোবৰ শেষ সীমা: নাগা চুক্তিক লৈ ৰৱি

Posted by: ভদ্ৰ গগৈ Updated by: ভদ্ৰ গগৈ October 19, 2019 9:13 pm
modi-ravi RN Ravi calls on Modi over Naga peace talks

নাগা আলোচনাত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী ৰাজ্যপাল আৰ এন ৰৱিয়ে কৈছে যে প্ৰক্ৰিয়াটো অন্তহীন হ’ব নোৱাৰে আৰু ৩১ অক্তোবৰৰ ভিতৰত কেন্দ্ৰই চূড়ান্ত চুক্তি সম্পন্ন কৰিব।

চূড়ান্ত সমাধানক লৈ এন এছ চি এন (আই এম)কে ধৰি একাংশ নাগা পক্ষৰ শেহতীয়া আশংকা একাষৰীয়া কৰি ৰাজ্যপাল ৰৱিয়ে নিৰ্ধাৰিত সময়তে ইয়াৰ অন্ত পেলোৱাৰ কথা কৈছে।

“বন্দুকৰ ছাঁত অন্তহীন আলোচনা গ্ৰহণযোগ্য নহয়,” চূড়ান্ত চুক্তি সাজু হোৱা বুলি সদৰী কৰি কহিমাত এক বৈঠকত শুকুৰবাৰে ৰৱিৰ মন্তব্য।

ৰৱিয়ে লগতে কয় যে দুয়ো পক্ষই সহমত প্ৰকাশ কৰা এক খচৰা সামগ্ৰিক চুক্তি যুগুত কৰা হৈছে আৰু ই সকলো বিষয় সামৰি লৈছে।

কহিমাত বিভিন্ন নাগা পক্ষৰ সৈতে বৈঠকখনৰ পিছতে বিষয়টো সন্দৰ্ভত ৰৱিয়ে এক আনুষ্ঠানিক বিবৃতিও জাৰি কৰিছে।

চূড়ান্ত চুক্তিয়ে সুকীয়া নাগা পতাকা আৰু সংবিধানক স্বীকাৰ কৰিব লাগিব বুলি শেহতীয়াকৈ এন এছ চি এন (আই এম)কে ধৰি একাংশ নাগা দল-সংগঠনে লোৱা স্থিতি কাৰ্য্যতঃ ৰৱিয়ে নাকচ কৰিছে।

তেওঁ কয় যে নাগা জাতীয় পতাকা আৰু সংবিধানক লৈ ভাৰত চৰকাৰৰ স্থিতি সম্পৰ্কে এন এছ চি এন (আই এম) “সম্পূৰ্ণৰূপে অৱগত” হোৱাৰ পিছতো এই বিষয়টো উত্থাপনেৰে তেওঁলোকে প্ৰক্ৰিয়াটোত বিলম্ব ঘটাব খুজিছে।

“দুৰ্ভাগ্যজনকভাৱে এই অনুকূল সন্ধিক্ষণত সুকীয়া নাগা জাতীয় পতাকা আৰু সংবিধানৰ বিতৰ্কিত প্ৰতীকী বিষয়টো উত্থাপন কৰি এন এছ চি এন (আই এম)এ সমাধানটোত দেৰি লগাব পৰা এক বিলম্বকাৰী মনোবৃত্তি গ্ৰহণ কৰিছে,” ৰৱিয়ে কয়।

তেওঁ কয় যে ভাৰত চৰকাৰৰ সৈতে ইতিমধ্যে সন্মত হোৱা বিষয়সমূহৰ সৈতে উদ্ভট ধাৰণা আৰু পূৰ্ব ধাৰণা যোগ কৰি এন এছ চি এন (আই এম) নেতাসকলে ৰাইজক বিপথে পৰিচালিত কৰিছে।

ৰৱিয়ে এন এছ চি এন (আই এম)ৰ “দুৰ্ভাগ্যজনক মনোবৃত্তি” সদৰী কৰা বৈঠকখনত ১৪টা নাগা গোষ্ঠীৰ নেতৃত্ব, সকলো সংখ্যালঘু নাগা গোষ্ঠীৰ নেতৃত্ব, নাগালেণ্ড গাওঁবুঢ়া ফেদাৰে’চন, নাগালেণ্ড ট্ৰাইবছ কাউন্সিল, গীৰ্জা নেতৃত্ব আৰু আন নাগৰিক সংগঠনৰ প্ৰতিনিধি উপস্থিত আছিল।

খবৰ মতে, এন এছ চি এন (আই এম)ৰ সৈতে স্বাক্ষৰিত ফ্ৰে’মৱৰ্ক এগ্ৰীমেণ্ট আৰু নাগা নেচনেল পলিটিকেল গ্ৰুপৰ সৈতে কেন্দ্ৰ উপনীত হোৱা স্থিতিৰ বিষয়ে বৈঠকত বিস্তাৰিতভাৱে অৱগত কৰা হয়।

ৰৱিৰ কাৰ্য্যালয়ে জাৰি কৰা বিবৃতিমতে, বৈঠকত সকলো প্ৰাসংগিক বিষয় আলোচনা কৰা হৈছে আৰু সকলো আশংকা সন্দৰ্ভত স্পষ্টীকৰণ দিয়া হৈছে।

বিবৃতিটো মতে, মধ্যস্থতাকাৰীজনৰ সৈতে চুক্তি প্ৰস্তুতিত সকলো নাগা সশস্ত্ৰ গোট জৰিত হৈ আছে। এন এন পি জিৰ সৈতে সাতটা নাগা সশস্ত্ৰ গোট যুক্ত হৈ আছে।

আলোচনাটোৰ সীমা সম্পৰ্কে এন এন পি জিৰ সৈতে ২০১৭ চনৰ ১৭ নৱেম্বৰত কেন্দ্ৰ সহমতত উপনীত হৈছিল।

প্ৰক্ৰিয়াটোত নাগালেণ্ডৰ লগতে চুবুৰীয়া অসমকে ধৰি মণিপুৰ আৰু অৰুণাচল প্ৰদেশ জনজাতীয় গোট আৰু নাগৰিক সংগঠনসমূহ আৰু গীৰ্জা নেতৃত্বকো প্ৰাথমিক আংশীদাৰৰূপে ৰখা হৈছে বুলি বিবৃতিত প্ৰকাশ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰৱি শেহতীয়াকৈ নতুন দিল্লীত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল। আৰু নাগা চূড়ান্ত চুক্তিক লৈয়ে বৈঠকখন বহিছিল বুলি বাতৰিত প্ৰকাশ।

নাগালেণ্ডৰ ৰাজ্যপালৰূপে নিযুক্ত হোৱাৰ পিছতে আগষ্টত কহিমাৰ এক ৰাজহুৱা সভাত ৰৱিয়ে কৈছিল যে প্ৰধান মন্ত্ৰী মোদীয়ে তিনিমাহৰ ভিতৰত বিষয়টোৰ সমাধান বিচাৰিছে।