NORTHEAST NOW (Assamese)
অসম

জাগুনত পথ দুৰ্ঘটনাত এজন নিহত, এজন গুৰুতৰভাৱে আহত

Posted by: মানস প্ৰতিম গগৈ January 3, 2019 8:56 pm
Accident-750x375-1-1

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুনৰ ১০ মাইলত আজি সন্ধ্যা এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়৷ জাগুনৰ পৰা অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ অভিমুখে আহি থকা এ আৰ -১২-১৬৪৮ নম্বৰ এখন য়ামাহা বাইকে ঘাইপথ থকা এটা কালভাৰ্টত প্ৰচণ্ড খুন্দা মৰাৰ ফলত ললিত য়ংকুক(২৮) নামৰ যুৱকজন থিতাতে নিহত হয়।

নিহত যুৱকজনৰ লগতে তাইৰিং(২৬) নামৰ আন এজন যুৱকো দুৰ্ঘটনাটোত অতি বেয়াকৈ আহত হয়। আহত যুৱকজন সংকটজনক বৰ্তমান অৱস্থাত আছে বুলি জানিব পৰা গৈছে৷ আহত যুৱকজনক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷শীতৰ সন্ধ্যাৰ ঘন কুঁৱলীৰ মাজেৰে বাইকখনে যথেষ্ট গতিবেগত আহি থকাৰ বাবেই এই শোকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হ’ল বুলি এক সূত্ৰত প্ৰকাশ৷