NORTHEAST NOW (Assamese)
অসম

নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সম্পাদক নিযুক্ত অসমৰ জুৰি শৰ্মা আৰু মেঘালয়ৰ দেব’ৰাহ মাৰাক

Posted by: এন ই নাও নিউজ January 5, 2019 10:47 am
Congress-leader-Jury-Sharma-Bordoloi-2-750x375

অসম কংগ্ৰেছৰ এগৰাকী নেত্ৰী জুৰি শৰ্মা বৰদলৈ আৰু মেঘালয়ৰ প্ৰাক্তন উপ মুখ্য মন্ত্ৰী দেব’ৰাহ চি মাৰাকক নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সম্পাদক পদত নিযুক্তি দিয়া হৈছে।

কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে শৰ্মা বৰদলৈ আৰু মাৰাকৰ লগতে নিখিল ভাৰত মহিলা কংগ্ৰেছ সমিতিৰ অন্যান্য বিষয়ববীয়াসকলৰ নিযুক্তিত অনুমোদন জনাইছে।

Deborah-C-Marak-1
নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সম্পাদক হিচাপে নিযুক্ত মেঘালয়ৰ কংগ্ৰেছ নেত্ৰী দেব’ৰাহ চি মাৰাক।

ৰাহুল গান্ধীয়ে সৌমিয়া ৰেড্ডী আৰু পৰমিন্দৰ কৌৰক নিখিল ভাৰত মহিলা কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়াৰ লগতে শৰ্মা বৰদলৈ, মাৰাক, দিপীকা পাণ্ডে আৰু ভাৱনা জৈনৰ নাম সম্পাদক পদৰ বাবে অনুমোদন জনাইছে।

ইপিনে, আন তিনিগৰাকী কংগ্ৰেছ নেত্ৰী  ৰঞ্জিতা মেহতা, নুৰু খান আৰু প্ৰীতি তিৱাৰীক নিখিল ভাৰত মহিলা কংগ্ৰেছ সমিতিৰ ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখযোগ্য যে ২০০৭ চনত প্ৰাক্তন মুখ্য মন্ত্ৰী ডি ডি লাপাঙৰ নেতৃত্বৰ কংগ্ৰেছ চৰকাৰৰ উপ মুখ্য মন্ত্ৰী আছিল দেব’ৰাহ মাৰাক।

আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখনত মাৰাক শিক্ষা, সমাজ কল্যাণৰ লগতে আন কেইবাটাও বিভাগৰো মন্ত্ৰী হিচাপে দায়িত্বত আছিল।

মাৰাকে গাৰো পাহাৰৰ উইলিয়ামনগৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছিল। ২০১৮’ৰ নিৰ্বাচনত উইলিয়ামনগৰৰ পৰা নেশ্যনেল পীপলছ পাৰ্টিৰ (এনপিপি) মাৰ্কুইছ মাৰাক নিৰ্বাচিত হয়।