NORTHEAST NOW (Assamese)
অসম

মৰিগাঁও জিলা বাচনি মুকলি দবা প্ৰতিযোগিতা ৬ আৰু ৭ আগষ্টত , তিনি দবাৰুলৈ ফিডে ৰেটিং

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী August 3, 2022 5:11 pm

অহা ৬ আৰু ৭ আগষ্টত অনুষ্ঠিত হ’ব মৰিগাঁও জিলা মুকলি দবা প্ৰতিযোগিতা ।

মৰিগাঁও উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ত আয়োজন কৰা প্ৰতিযোগিতা খনত অংশগ্ৰহণৰ বাবে ৭০০২৩৪৫০, ৮৭৬১০২১৫৫৩ এই নম্বৰ কেইটাত যোগাযোগ কৰিব পাৰিব ।

উল্লেখ্য যে এই প্ৰতিযোগিতাৰ পৰাই ৪৫ সংখ্যক সদৌ অসম দবা প্ৰতিযোগিতালৈ বাচনি কৰা হ’ব । আনহাতে মৰিগাঁৱৰ তিনি গৰাকী দবাৰুৱে আন্ত:ৰাষ্ট্ৰীয় ৰেটিং লাভ কৰি সু- খবৰ কঢ়িয়াই আনিছে জিলাখনলৈ ।

সদ্য ঘোষিত ফিডে ৰেটিঙত স্থান লাভ কৰা দবাৰু তিনি গৰাকী হ’ল ক্ৰমে কৌশিক বৰুৱা (১৩০২), ৰিপুন সৰকাৰ (১১৩১) , আৰু ঈশান প্ৰতীম ডেকা (১০৩০) । দবাৰু কেইগৰাকীৰ সাফল্যত মৰিগাঁও জিলা দবা সন্থাই অভিনন্দন জনাইছে ।