NORTHEAST NOW (Assamese)
অসম

অসম তথা পূৰ্বাঞ্চল এতিয়া জেহাদীৰ ভূস্বৰ্গ হৈ পৰিছে:নেছ’

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী August 3, 2022 6:51 pm

অসম তথা উত্তৰ-পূৰ্বাঞ্চল এতিয়া জেহাদীৰ ৰম্যভূমি হৈ পৰিছে।

ভাৰতৰ অখণ্ডতা ৰক্ষাৰ বাবে ভাৰত চৰকাৰক কঠোৰ হোৱাৰ আহ্বান জনালে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থাই ( নেছ’)।

আজি অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাৰ পিছত এই ঘোষণা কৰে নেছ’ই।

তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে ইনাৰ লাইন পাৰ্মিটৰো দাবী কৰে নেছ’ই।

নেছ’ৰ নেতৃত্বই কয় ’চৰকাৰ ব্যৰ্থ হৈছে সীমান্ত খোলা, বিদেশী নাগৰিকৰ স্থায়ী সমাধান হব‌ই লাগিব’।

তদুপৰি কা বাতিল হব‌ই লাগিব বুলিও কয় নেছ‌’ই।

অহা ১৭ আগষ্টত সকলো ৰাজ্যৰে ৰাজধানীত এক প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে বুলি উল্লেখ কৰে নেছ‌’ই।

আজি অৰুণাচলত চাকমা সমস্যা আৰু ত্ৰিপুৰাত জনগোষ্ঠীয় লোকসকল মূলতঃ সংখ্যালঘূ হৈ পৰিছে বুলি উল্লেখ কৰি নেছ’ই এই সমস্যা সমাধানৰ দাবী জনায়।

নেছ’ৰ নেতা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই সংবাদমেলত কয়:- আচলতে দিল্লীয়ে অসমলৈ কেইজনমান মন্ত্ৰী পঠিয়ালেই সমস্যাৰ সমাধান নহয়।কেন্দ্ৰ‌ই অসম তথা পূৰ্বাঞ্চলৰ কথা চিন্তা কৰিব লাগিব। বাংলাদেশৰ সীমা কিয় সুৰক্ষিত কৰিব নোৱাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে তেওঁ ।