NORTHEAST NOW (Assamese)
অসম

‘মই অসমীয়া’ প’ষ্টৰ পিছতে এনবিটি ত্যাগ মন্ত্ৰী পত্নী, মাকাম স্ৰষ্টা ৰীতা চৌধুৰীৰ

Posted by: এন ই নাও নিউজ January 10, 2019 10:04 pm
rita chowdhury resigns as nbt director

“মই অসমীয়া” বোলা শেহতীয়া এক ফে’চবুক প’ষ্টৰ পিছতে বৃ্হস্পতিবাৰে নেচনেল বুক ত্ৰাস্তৰ সঞ্চালিকা পদ ত্যাগ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পত্নী, জনপ্ৰিয় অসমীয়া ঔপন্যাসিক ৰীতা চৌধুৰীয়ে।

নাগৰিকত্ব বিধেয়কক লৈ উত্তাল অসমত ৭ জানুৱাৰিৰ ফে’চবুক প’ষ্টটোৰ পিছতে বহু লোকৰ অসংখ্য প্ৰশ্নৰ সন্মুখীন হৈছিল অসম আন্দোলনৰো নেত্ৰীগৰাকী।

rita chowdhury resigns as nbt director
ৰীতা চৌধুৰীৰ ‘মই অসমীয়া’ প’ষ্ট।

অসমীয়া উপন্যাস ‘মাকাম’ৰ যোগেদি ব্যাপক জনপ্ৰিয়তা লাভ কৰা ঔপন্যাসিকাগৰাকীয়ে অৱশ্যে পদত্যাগৰ কাৰণ এতিয়াও ৰাজহুৱা কৰা নাই।

“হয়, মই নেচনেল বুক ত্ৰাস্তৰ পৰা পদত্যাগ কৰিছো। কাৰণটো মই এতিয়াই ৰাজহুৱা কৰিব খোজা নাই। সময়ত ৰাজহুৱা কৰিম,” নৰ্থ ইষ্ট নাও-ক জনালে চৌধুৰীয়ে।

সূত্ৰ অনুসৰি এন বি টিৰ সঞ্চালিকাৰূপে যোৱা মে’তে চৌধুৰীৰ কাৰ্য্যকালৰ সামৰণি পৰিছিল। কিন্তু তেওঁৰ কাৰ্য্যকাল সম্প্ৰসাৰণ কৰা হৈছিল।