NORTHEAST NOW (Assamese)
অসম

বোকাখাতত দৃষ্টিহীনৰ ক্ৰিকেট প্ৰতিযোগিতাত অসম অন্ধ শিশু বিদ্যালয়, বিহপুৰীয়া বিজয়ী

Posted by: ফাৰহানা আহমেদ January 11, 2019 5:28 pm
5

১০ জানুৱাৰি বৃহস্পতিবাৰে বোকাখাতত দৃষ্টিহীনসকলৰ বাবে অনুষ্ঠিত টি-২০ ক্ৰিকেট মেচত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ একমাত্ৰ অন্ধ বিদ্যালয়—অসম অন্ধ শিশু বিদ্যালয়, বিহপুৰীয়া বিজয়ী হৈছে। যোৰহাটৰ অল আছাম ব্লাইণ্ড ফ্ৰেণ্ডছ ক্লাবক ৩৮ ৰানৰ ব্যৱধানত হৰুৱাই অসম অন্ধ শিশু বিদ্যালয় বিজয়ী হয়।

গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰে সদৌ অসম দৃষ্টিহীন কল্যাণ পৰিষদে। এই প্ৰতিযোগিতাৰ লক্ষ্য হৈছে দৃষ্টিহীনসকলৰ দক্ষতা বৃদ্ধি কৰা।

প্ৰতিযোগিতাত বিজয়ী অসম অন্ধ শিশু বিদ্যালয়, বিহপুৰীয়াই নগদ ৬,০০০ টকা, এটা ট্ৰফী আৰু এখন প্ৰমাণপত্ৰ লাভ কৰে।

বিজয়ী ক্ৰিকেট দলটোৰ অধিনায়ক হৈছে জিণ্টু সোণোৱাল আৰু উপ অধিনায়ক হৈছে সচীন পেগু। ক্ৰিকেট দলটোৰ আন আন খেলুৱৈসকল হৈছে ৰঞ্জন সৰকাৰ, মণ্টু কুটুম, গোপাল প্ৰসাদ উপাধ্যায়, অমিত ৰাই, কৰুণা গগৈ, কিশোৰ নাগ, অৰূপ দাস, দুলাল হাজৰিকা আৰু গোপাল নৰহ। উল্লেখ্য যে অধিনায়ক জিণ্টু সোণোৱালে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ বেটছমেন আৰু শ্ৰেষ্ঠ ব’লাৰৰ খিতাপ অৰ্জন কৰে।