NORTHEAST NOW (Assamese)
অসম

অগ্নিকাণ্ডৰ ফলত জীৱন্তে জাহ গ’ল হোটেলৰ শ্ৰমিক হিচাপে কামত লগোৱা শিশু

Posted by: মযূখ গোস্বামী January 9, 2018 5:38 pm
ChildLabour

দৰং জিলাৰ দৈপাম আৰক্ষী চকীৰ অন্তৰ্গত অফিচ বজাৰ অঞ্চলত ঘটা অগ্নিকাণ্ডৰ এটা মৰ্মান্তিক ঘটনাত এটি শিশু জীৱন্তে দগ্ধ হয়। ১২ বছৰীয়া শিশুটোক হোটেলৰ গৰাকী জব্বৰ আলীয়ে হোটেলখনত শ্ৰমিক হিচাপে নিযুক্ত কৰি ৰাখিছিল।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে সোমবাৰৰ মাজনিশা দৈপামৰ স্থানীয় বজাৰ অঞ্চলত থকা এই হোটেলখনত কিবা প্ৰকাৰে জুই লাগে। খাৰুপেটীয়াৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূৰ্বেই অগ্নিকাণ্ডই বিধ্বংসী ৰূপ লৈ আচাম টাইপৰ হোটেলখন ছাইত পৰিণত কৰে।

কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে মঙলবাৰে পুৱা ভস্মীভূত হোটেলখনৰ অৱশিষ্টৰ মাজৰ পৰা এটি শিশুৰ সম্পূৰ্ণকৈ দগ্ধ হোৱা মৃতদেহ উদ্ধাৰ কৰা হয়। শিশুটো অগ্নিকাণ্ডটোত দগ্ধ হোৱাৰ কথাটো পুৱাহে সকলোৱে জানিব পাৰে। পিছত শিশুটো বৰুৱাঝাৰ গাৱঁৰ আখটাৰ হুচেইন (১২) বুলি চিনাক্ত কৰা হয়। ৰাইজে সন্দেহ কৰা মতে জুই লগাৰ সময়ত শিশুটো শুই থাকিব পাৰে বা সি ওলাবলৈ কোনো সুযোগ নাপাব পাৰে।

শিশুটিক হোটেলখনৰ গৰাকীয়ে শ্ৰমিক হিচাপে কামত লগোৱাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে এই সংক্ৰান্তত এটা গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিছে। শিশুটোৰ মৃতদেহৰ মৰণোত্তৰৰ ব্যৱস্থা কৰা বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে।

উল্লেখযোগ্য যে শিশু শ্ৰমিক প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন, ১৯৮৬ ৰ মতে ১৪ বছৰৰ তলৰ শিশুক কোনো ধৰণৰ শ্ৰমত নিয়োগ কৰাটো নিষিদ্ধ আৰু আইন মতে দণ্ডনীয় কথা। কিন্তু বহুবোৰ হোটেল কৰ্তৃপক্ষই প্ৰশাসনৰ চকুত ধূলি দি কম মজুৰিৰ বিনিময়ত এনে শিশুক হোটেলৰ ৱেইটাৰৰ দায়িত্বত, বাচন ধোৱা, তথা টেবুল মচা আদি কামত নিয়োগ কৰি আহিছে।