NORTHEAST NOW (Assamese)
অসম

মঙলদৈত ডিজিটেল লেনদেনত জালিয়াতিৰ অভিযোগত প্ৰাক্তন এন এছ য়ু আইৰ নেতাক গ্ৰেপ্তাৰ

Posted by: ময়ুখ গোস্বামী January 9, 2018 5:37 pm
ডিজিটেল লেনদেন

দৰং আৰক্ষীয়ে ভুৱা ডিজিটেল লেনদেনৰ জৰিয়তে অবৈধভাৱে ধন আহৰণৰ এক গোচৰ সন্দৰ্ভত এন এছ য়ু আইৰ দৰং জিলাৰ প্ৰাক্তন উপ-সভাপতি মনাৰুল ইছলাম ছিদ্দিকক আজি গ্ৰেপ্তাৰ কৰিছে।

খাৰুপেটীয়া আৰক্ষী থানাৰ গোচৰ নং ৫৩২/১৭  সন্দৰ্ভত খাৰুপেটীয়াৰ নাগাজানী গাঁৱৰ ২৭ বছৰীয়া মনাৰুলক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে ভুৱা ডিজিটেল লেনদেনৰ জৰিয়তে ধন ঘটাৰ দেশৰ ভিতৰতে প্ৰথম এই ঘটনাটো দৰং আৰক্ষীৰ তদন্তত প্ৰায় এমাহ আগতে পোহৰলৈ আহিছিল। ধৃত মনাৰুল উক্ত চাঞ্চল্যকৰ চাইবাৰ গোচৰটোত গ্ৰেপ্তাৰ হোৱা পঞ্চমজন অভিযুক্ত।

গোচৰটোৰ তদন্ত কৰি থকা আৰক্ষীৰ দলটোৱে এই সন্দৰ্ভত এতিয়ালৈকে প্ৰায় ১০০ জন লোকক চিনাক্ত কৰিছে। দৰং আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি চিনাক্ত কৰা লোক সকলৰ ওপৰত তেওঁলোকে নজৰ ৰাখিছে।