NORTHEAST NOW (Assamese)
Popular Stories

প্ৰয়াত কবি চৈয়দ আব্দুল মালিকক মোগলৰ প্ৰেমিক সজোৱা ৰূপা ৰাণী ভূঞাৰ বিৰুদ্ধে গোচৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 22, 2020 12:36 pm

অসমৰ যশস্বী কবি, সাহিত্যক প্ৰয়াত চৈয়দ আব্দুল মালিক চাহাবৰ ‘’মই অসমীয়া” নামৰ অসমৰ জাতীয় জীৱনৰ লগত জড়িত বিখ্যাত কবিতাটোৰ কিছু নিদিষ্ট শাৰী সামাজিক প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰি তেওঁক অসম আক্ৰমনকাৰী মোগলৰ প্ৰেমিক ৰূপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ৰূপা ৰাণী ভূঞাৰ বিৰুদ্ধে মহানগৰীৰ হাতীগাঁও থানাত এজাহাৰ দাখিল কৰা হৈছে।

মঙ্গলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ভূঞাৰ বিৰুদ্ধে আজি সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে হাতীগাঁও থানাত এক গোচৰ তৰে।

‘কবিতাটিৰ সম্পুৰ্ণকৈ নিদি প্ৰথিতযশা সাহিত্যিক গৰাকীৰ সৃষ্টিৰাজিক সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি ২১/০৪/২০২০ তাৰিখে সামাজিক প্ৰচাৰ মাধ্যম ফেচবুকত ৰুপা ৰাণী ভুঞা নামৰ মংগলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা গৰাকীয়ে পষ্ট দিযে। উক্ত প’ষ্ট কেইটাত বহু লোকে কবি, সাহিত্যিক গৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা আমাৰ দৃষ্টিগোছৰ হৈছে। তাৰোপৰি সেই পোষ্টৰ গইনালৈ আন বহুলোকে পৰৱৰ্তী সময়ত পষ্ট কৰি সাম্প্ৰদায়িক বিষবাস্প বিয়পাই সমাজত অশান্তি সৃষ্টি কৰিব বিচাৰিছে ।‘ এজাহাৰত এইদৰে উল্লেখ কৰে ইছমাইল আলিয়ে।

আলিয়ে প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহিবলৈ হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আহ্বান জনায়।

উল্লেখযোগ্য যে, প্ৰবক্তাগৰাকীয়ে প্ৰয়াত কবিগৰাকীৰ ‘মই অসমীয়া’ কবিতাটিৰ কিয়দাংশ এখন ফটোৰে সৈতে আপলোড কৰি লিখিছিল ‘#অতি জৰুৰী

#চৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ #মোগল বন্দনাৰ

এই কবিতাটোৰ অংশ টোৰ কোনোবাই প্ৰসংগ সংগতি দৰ্শাই ব্যখ্যা কৰিব পাৰিবনে ?

অতি জৰুৰী, এবাৰ পঢ়ক

#অতি জৰুৰী

#চৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ #মোগল বন্দনাৰ

এই কবিতাটোৰ অংশ টোৰ কোনোবাই প্ৰসংগ সংগতি দৰ্শাই ব্যখ্যা কৰিব পাৰিবনে ?

অতি জৰুৰী, এবাৰ পঢ়ক।

উল্লেখ্য যোৱা ২০ এপ্ৰিলত প্ৰৱক্তাগৰাকীয়ে এটা ফ’টো প’ষ্টৰ জৰিয়তে ছৈয়দ আব্দুল মালিকক সাম্প্ৰাদিয়ক মনোবৃত্তিৰ সাহিত্যিক সজোৱাৰ বাবে অপচেষ্টা কৰা দেখা গৈছিল।